
দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আজি চলি আছে ভোটগ্ৰহণ । ভোটদান সমাপ্ত হোৱাৰ পিছতেই ভোটগণনা হ’ব আৰু নিৰ্বাচনৰ ফলাফলো আজিয়েই ঘোষণা কৰা হ’ব।
উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ ৭৮৮ জন ভোটাৰ আছে আৰু জয়ী হ’বলৈ ৩৯৪ টা ভোটৰ প্ৰয়োজন।
NDA-য়ে জগদীপ ধনখাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু বিৰোধীয়ে মাৰ্গাৰেট আলভাক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। পুৱা ১০ বজাৰে পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া আৰু সন্ধিয়া ৫ বজালৈকে চলিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময় পূৰ্বে কৰিলে ভোটদান । সংসদ ভৱনত ভোট দিবলৈ সাংসদসকলৰ দীঘলীয়া শাৰী পাতি আছে।
জগদীপ ধনখাৰৰ পক্ষত ৩৯৫ টা ভোট আছে। যদিহে NDA-ৰ ভোটাৰসকলে ক্ৰছ ভোট নিদিয়ে তেনেহ’লে NDA প্ৰাৰ্থীৰ জয় নিশ্চিত।