জম্মু আৰু কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলক নিৰন্তৰভাৱে লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীয়ে। এনে পৰিস্থিতিত যোৱা কেইদিনমানৰ পৰা উপত্যকাটোত লক্ষ্য হত্যাৰ ঘটনা ভয়াৱহভাৱে বৃদ্ধি পাই আহিছে। যাৰ বাবে শ্ৰীনগৰত নিয়োজিত ১৭৭ জন কাশ্মীৰী পণ্ডিত শিক্ষকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে।গৃহমন্ত্ৰী অমিত শ্বাহে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ পিছতেই এই নিৰ্দেশ দিয়া হৈছে।

শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীত জম্মু-কাশ্মীৰত লক্ষ্য হত্যাকাণ্ডৰ বৰ্ধিত ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰিছিল, য’ত নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, জম্মু-কাশ্মীৰৰ ডিজিপি, সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে আৰু নিৰাপত্তা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰা হৈছিল।

উল্লেখযোগ্য যে কাশ্মীৰী পণ্ডিতসকলক উপত্যকাত নিৰন্তৰ হত্যা কৰা হৈছে। ইয়াৰ পিছতেই কাশ্মীৰী পণ্ডিতসকল তেওঁলোকৰ সুৰক্ষাক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে । ১২ মে’ত উগ্ৰপন্থীয়ে হত্যা কৰা ৰাহুল ভট্টক হত্যা কৰাৰ পিছৰে পৰা কাশ্মীৰ পণ্ডিতসকলে মধ্য কাশ্মীৰৰ বুদগাম জিলাৰ চাদুৰা অঞ্চলত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

বুদগামত এটা শ্বেখপুৰা পণ্ডিত কলনী আছে। ৰাহুল ভট্ট (যাক হত্যা কৰা হৈছিল) তেওঁ বুদগামত বাস কৰিছিল। ইয়াত কাশ্মীৰী পণ্ডিতসকলৰ ৩৫০ টা পৰিয়াল বাস কৰে। কিন্তু এতিয়া প্ৰাণ ৰক্ষাৰ বাবে ১৫০ টা পৰিয়ালে এই কলনী এৰি গৈছে।

প্ৰধানমন্ত্ৰীৰ পেকেজৰ অধীনত কাম কৰি থকা কাশ্মীৰী পণ্ডিত অজয় নামৰ এগৰাকী ব্যক্তি এতিয়া কাশ্মীৰ উপত্যকাৰ পৰা জম্মুত উপস্থিত হৈছে। তেখেতে জানিবলৈ দিছে যে ১৯৯০ চনতকৈও অধিক বেয়া হৈ পৰিছে কাশ্মীৰৰ পৰিস্থিতি।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial