অধিকাংশ ভাৰতীয়ই চিন্তা নকৰে অৱসৰৰ পৰিকল্পনাৰ বিষয়ে: অধ্যয়নত প্ৰকাশ




বৰ্ধিত মুদ্ৰাস্ফীতি স্বত্বেও, অৱসৰৰ পৰিকল্পনা এতিয়াও বেছিভাগ ভাৰতীয়ৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰৰ ভিতৰত নাই। যদিও ভাৰতীয়সকলে তেওঁলোকৰ চাকৰি জীৱনত বিভিন্ন আঁচনিত ধন বিনিয়োগ কৰে। মাত্ৰ 24 শতাংশইহে আনকি তেওঁলোকৰ অৱসৰপ্ৰাপ্ত জীৱনৰ বাবে সঞ্চয়ৰ কথা ভাবে । মেক্স লাইফ ইঞ্চুৰেন্স, ইণ্ডিয়া ৰিটায়াৰমেণ্ট ইণ্ডেক্সৰ শেহতীয়া অধ্যয়নত এই কথা প্ৰকাশ পাইছে। এই অধ্যয়ন কৰা হৈছিল 35-65 বছৰ বয়সৰ লোকসকলৰ মাজত। ভাৰতৰ 28 খন বিভিন্ন চহৰত কৰা হৈছিল এই অধ্যয়ন।


বিত্তীয় পৰিকল্পনাকাৰীসকলে অৱসৰৰ পৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে কিয়নো এইটো এনে এক পৰ্যায় য'ত এগৰাকী ব্যক্তিৰ উপাৰ্জনৰ উৎসবোৰ নোহোৱা হৈ যায়। "জীৱনৰ প্ৰত্যাশা বৃদ্ধি আৰু স্বাস্থ্যৰ প্ৰকাৰ সলনি হোৱাৰ সৈতে, জনসংখ্যাৰ এক ডাঙৰ অংশৰ বাবে অৱসৰ এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ হ'বলৈ সাজু হৈছে। মহামাৰীৰ দ্বাৰা শেহতীয়া অৰ্থনৈতিক পৰিৱেশত মজুৰি বৃদ্ধি হ্ৰাস, বিত্তীয় অনিশ্চয়তা আৰু চাকৰি হেৰুওৱা দেখা গৈছে, যাৰ ফলত ব্যক্তিৰ ঘৰুৱা উপাৰ্জন অধিক হ্ৰাস পাইছে। সেয়েহে, আমি কাইলৈৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়ত আজি আমাৰ গ্ৰাহকসকলৰ অনুভূতি আৰু প্ৰত্যাহ্বানবোৰ বুজি পোৱাটো গুৰুত্বপূৰ্ণ," মেক্স লাইফ ইঞ্চিউৰেন্সৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া প্ৰশান্ত ত্ৰিপাঠীয়ে এনেদৰে কয়।

যিসকলে অৱসৰৰ বাবে বিনিয়োগ কৰে, তেওঁলোকৰ 60 শতাংশতকৈ অধিকে অৱসৰৰ পৰিকল্পনাত তেওঁলোকৰ স্বাস্থ্য আৰু চিকিৎসা ব্যয় পৰিচালনা কৰিবলৈ বিনিয়োগ কৰে।


63 শতাংশ লোকে অৱসৰপ্ৰাপ্ত জীৱনত চিকিৎসাজনিত জৰুৰী কালীন অৱস্থাৰ বাবে সঞ্চয় কৰাটো গুৰুত্বপূৰ্ণ বুলি ভাবে। প্ৰায় 8 শতাংশ উত্তৰদাতাই কৈছিল যে তেওঁলোকে আৱেগিক সমৰ্থনৰ বাবে বিনিয়োগ কৰিছিল। প্ৰায় 47 শতাংশ ভাৰতীয়ই অৱসৰৰ বাবে বিনিয়োগ কৰে যাতে বিত্তীয় প্ৰয়োজনীয়তাৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰাৰ কোনো প্ৰয়োজন নাই আৰু 38 শতাংশই অৱসৰৰ সময়ত জীৱনশৈলী বজাই ৰখাৰ লক্ষ্যৰে বিনিয়োগ কৰে।


ইফালে বেছিভাগ উত্তৰদাতাই কম বয়সৰ পৰা অৱসৰৰ পৰিকল্পনা আৰম্ভ কৰাত বিশ্বাস কৰে । 80 শতাংশ বৃদ্ধ বয়সৰ উত্তৰদাতাই পূৰ্বতে বিনিয়োগ আৰম্ভ নকৰাৰ বাবে অনুশোচনা কৰে। ইয়াৰে 23 শতাংশই অৱসৰৰ পৰিকল্পনাৰ বিষয়েও চিন্তা কৰা নাই ।



45 শতাংশ ভাৰতীয়ই বিশ্বাস কৰে যে তেওঁলোকে অৱসৰপ্ৰাপ্ত জীৱনত তেওঁলোকৰ সন্তানৰ পৰা সমৰ্থন লাভ কৰিব । 35 শতাংশতকৈও অধিক লোকে বিশ্বাস কৰে যে অৱসৰপ্ৰাপ্ত জীৱনত মোকাবিলা কৰিবলৈ তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পাৰিবাৰিক সম্পদ বা অন্যান্য উৎস আছে।বেছিভাগ চহৰতে অৱসৰৰ বাবে বিত্তীয় প্ৰস্তুতি কম। অৱশ্যে অৱসৰপ্ৰাপ্ত জীৱনত স্বাস্থ্যক আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হিচাপে স্বীকৃতি দিয়া হৈছে। কিন্তু বেছিভাগ উত্তৰদাতাই যোৱা তিনি বছৰত স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱা নাছিল। 41-45 বছৰ বয়সৰ লোকসকলৰ মাজত স্বাস্থ্য অৱহেলা কৰাৰ প্ৰৱণতা সৰ্বাধিক বুলি অধ্যয়নত প্ৰকাশ পাইছে।

3 views0 comments