অভয়াপুৰী : ৭০০০গছি মাটিৰ চাকিত উদ্ভাসিত লাভলীনাৰ প্ৰতিচ্ছবি




৭০০০গছি প্ৰজ্বলিত মাটিৰ চাকিয়ে আলোকৰ মায়াজাল পাতি উজলাই তুলিলে অসম গৌৰৱ লাভলীনা বৰগোহাঁইক। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী পিৰাধৰাত এই ব্যতিক্ৰমী দীপাৱলীৰ প্ৰতিফলন ঘটে।


পিৰাধৰাৰ বুঢ়ী আই থান প্ৰাংগণত লাভলীনাৰ প্ৰতিচ্ছবিৰ প্ৰতিফলন ঘটাকৈ ৭০০০ গছি মাটিৰ চাকিৰ ব্যৱস্থা কৰা হয়। দীপাৱলীৰ সন্ধিয়া চাকিকেইগছি একেলগে প্ৰজ্বলিত হৈ উঠাত আলোকৰ মায়াজালেৰে উদ্ভাসিত হয় লাভলীনাৰ ছবি এখন।


ভিতৰুৱা অঞ্চলৰ যুৱক-যুৱতী আৰু ৰাইজে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এইদৰে চাকিৰে অংকন কৰে ৷ মাটিৰ চাকিৰে লাভলীনাৰ লগতে মাতৃ স্নেহৰ ছবিও অংকন কৰা হয় ৷

0 views0 comments