অমাইক্ৰন, সংক্ৰমণ, আতংক আৰু বাস্তৱ



কৰোনাভাইৰাছৰ নতুন ৰূপ অমাইক্ৰনৰ সৈতে আন প্ৰজাতিকেইটাৰ এতিয়ালৈকে উপলব্ধ গৱেষণালব্ধ তথ্য অনুসৰি পাৰ্থক্য হৈ ইয়াৰ সংক্ৰমণৰ হাৰ অতি বেছি। স্বাভাৱিকতে ইয়াক লৈ বিশ্বজুৰি আতংকৰ সৃষ্টি হ’বই। কিন্তু আতংকৰ পৰিৱৰ্তে সাৱধানতা বজাই ৰাখিলে আৰু ভেকচিন ল’লে ইয়াৰ সংক্ৰমণৰ জালখনৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰি। সবাতকৈ উল্লেখ্যনীয় কথাটো হৈ কৰোনাৰ আন ভেৰিয়েণ্টৰ তুলনাত অমাইক্ৰমনৰ মাৰক ক্ষমতা অৰ্থাৎ অমাইক্ৰনত আক্ৰান্তৰ মৃত্যুৰ হাৰ কম। ই মানুহৰ সিমান ক্ষতি কৰিবলৈ সক্ষম নহয়, যিমানখিনি ডেল্টাকে ধৰি আন প্ৰজাতিৰ ক্ষেত্ৰত পৰিলক্ষিত হৈছিল। সেয়ে আতংক নহয়, সাৱধানতাহে অমাইক্ৰনৰ ক্ষেত্ৰত জৰুৰী। এতিয়ালৈকে ভাৰতত অমাইক্ৰন আক্ৰান্ত লোকৰ চিকিৎসাত অহা তথ্যই দেখুৱাই দিছে, ভাইৰাছটোৰ নতুন পৰজাতিটো সিমান মাৰাত্মক নহয়।

এতিয়ালৈকে যিমানসংখ্যক অমাইক্ৰন আক্ৰান্তৰ চিকিৎসা ভাৰতত হৈছে, তাৰে অধিকাংশৰে আনকি চিটি স্কেন পৰ্যন্ত কৰিবলগীয়া হোৱা নাই। আৰু যিসকলৰ চিটি স্কেন কৰা হৈছে, তেওঁলোকৰো হাওফাওৰ ক্ষতি সামান্য। অমাইক্ৰনৰ চিকিৎসা চলাই থকা ডাক্তৰৰ মত অনুসৰি, পূৰ্বৰ দুটা লহৰত কৰোনা আক্ৰান্তৰ দহ জনৰ ভিতৰত ৮জনৰেই চিটি ক্সেন কৰিবলগীয়া হৈছিল। তেওঁলোকৰ হাওফাওত গুৰুতৰ ধৰণে আক্ৰান্ত হৈছিল। এইবাৰ প্ৰতি দহজনৰ মাথোঁ এজন বা দুজনৰহে চিটি স্কেন কৰিবলগীয়া হৈছে। তাতো ভয়ংকৰ ধৰণে কোনো ক্ষতিৰ তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই।

চিকিৎসকৰ মতে, এইটো সুখবৰ। সেইবুলি অমাইক্ৰনক সহজভাৱে লোৱাটো মুৰ্খামী হব। প্ৰজাতিটোৱে পূৰ্বৰে পৰা আন জটিল বেমাৰত ভুগি থকা আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ শ্ৰমতাৰ লোকৰ বাবে প্ৰাণঘাতী হৈ উঠিব পাৰে। মেক্স ছাকেতৰ ইণ্টাৰনেচনেল মেডিচিন আৰু কৰোনা বিশেষজ্ঞ ডাঃ ৰোমেল টিক্কুৱে কয় যে ৬০ বছৰ বয়সৰ ঊৰ্ধ্বৰ মধুমেহত আক্ৰান্ত অমাইক্ৰন পজিটিভ লোক এজনৰ তেওং চিটি স্কেন কৰিছে। প্ৰতিবেদনত ৭/২৫ আহিছে। এইটো মাইল্ড।

পূৰ্বৰ লহৰটোত হাস্পতালত ভৰ্তি হোৱা প্ৰতি ১০জন কৰোনা আক্ৰান্তৰ ৮জনৰ চিটি স্কেন কৰিবলগীয়া হৈছিল। এতিয়া এজন বা দুজনৰহে কৰিবলগীয়া হৈছে। তাতো হাওফাওৰ বিশেষ ক্ষতি পৰিলক্ষিত হোৱা নাই। দিল্লীৰ াকাশ হাস্পতালৰ ৰেডিঅ’লজিষ্ট বিভাগৰ মুৰব্বী ডাঃ মৃণাল চৌধুৰীয়ে এই তথ্য আগবঢ়াই সংবাদমাধ্যমৰ আগত কয় যে হাস্পতালখনত ইয়াৰ পূৰ্ৰ লহৰত প্ৰতিদিনে ৫০ৰো অধিক লোকৰ চিটি স্কেন কৰা হৈছিল। এইবাৰ এদিনত তিনিজন বা চাৰিজনৰহে চিটি স্কেন কৰিবলগীয়া হৈছে। সঁচা কথা ক’বলৈ হ’লে, ইয়াৰ প্ৰয়োজনেই নাই। ভেৰিয়েণ্টটোৰ শক্তি আৰু ক্ষমতা বৰ বেছি নহয়। তদুপৰি সকলো কৰোনা আক্ৰান্ত ভেকচিন লোৱা। সেয়ে ভাইৰাছটোৰ কু-প্ৰভাৱ সিমান গভীৰ ধৰণত পৰা নাই। কৰোনাবিধি মানি চলিলে আৰু ভিৰৰ পৰা আঁতৰি থাকিলে ভাইৰাছটোৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰি।

#হাস্পতালত ভৰ্তি হোৱাৰ প্ৰয়োজন হ্ৰাস

দিল্লীৰ বিএল কে হাস্পতালৰ ৰেস্পাইৰেটৰী বিভাগৰ ডাক্তৰ সন্দিপ নায়াৰৰ নতে, এইবাৰ হাস্পতালত ভৰ্তি হোৱাৰ ৰোগীৰ সংখ্যা যথেষ্ট কম। বেছিভাগ ৰোগী অ’পিডিৰ পৰাই প্ৰয়োজনীয় দিহা-পৰামৰ্শ লৈ সুস্থ হৈছে। ‘মোৰ অধীনত চিকিৎসাধীন ৰোগী এইবাৰ নিউমোনিয়া ৰোগত ভোগা নাই। সেয়ে অক্সিজেনৰ প্ৰয়োজন হোৱা নাই। চিটি স্কেন কৰিবলগীয়া হোৱা নাই। গুৰুতৰভাৱে হাওফাও সংক্ৰমিত হোৱা নাই।

আনহাতে, ফৰ্টিজ হাস্পতালৰ চিকিৎসক ডাঃ অভিষেক ভাঞ্চালীয়ে হাস্পতালখনত ভৰ্তি কৰোনা আক্ৰান্তৰ এইবাৰ চিটি স্কেন কম সংখ্যাত কৰা হৈছে। তাতো গুৰুতৰ ধৰণৰ একো পৰিলক্ষিত হোৱা নাই। ৰোগীসকলে সোনকালে আৰোগ্য লাভ কৰিছে।

শ্ৰীবাস্তৱ এমআৰআই এণ্ড ইমেজিং চেণ্টাৰ ফৰ ৰেডিঅলজিষ্টৰ ডাক্তৰ সঞ্জয় শ্ৰীবাস্তৱে কোৱা অনুসৰি, যাৰ জ্বৰ নিয়ন্ত্ৰণত আছে, অক্সিজেনৰ মাত্ৰা ঠিকে আছে, তেনে লোকৰ চিটি স্কেনৰ প্ৰয়োজনেই নাই। প্ৰথমে বুকুৰ এক্সৰে’কৰাওক। তাত চিন্তাজনক একো নাথাকিলে চিটি স্কেনলৈ যোৱাৰ প্ৰয়োজনেই নাই। গতিক আতংকত দিশহাৰা নহৈ ধৈ্ৰ্য আৰু চৌদিশে কি ঘটি আছে, সেই বিষয়ে অৱগত হৈ লওক। কৰোনাবিধি মানি চলক। ভিৰৰ কাষলৈয়েই নাযাব। ভেকচিন অৱশ্যেই ল’ব।

3 views0 comments