অসমত নিঃশেষ হ’ব নেকি কংগ্ৰেছ?



দিল্লী আৰু দিছপুৰত একেৰাহে দুটা কাৰ্যকালৰ বাবে ক্ষমতাৰ বৃত্তটোৰ পৰা বাহিৰত আছে দেশৰ সবাতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছ। শাসনৰ পৰা দীৰ্ঘকাল বাহিৰত থাকিলে ৰাজনৈতিক দল এটাৰ অৱস্থা কিমান শোচনীয় হৈ পৰে, সেয়া অগপৰ জৰিয়তে অসমবাসীয়ে দেখিবলৈ পাইছে। দলটো একপ্ৰকাৰ বিজেপিৰ অক্সিজেন লৈ জীয়াই থাকিবলগীয়া হৈছে। আপোচৰ পিছত আপোচ কৰি নেতাসকলে দলটোক জীয়াই ৰাখিবলগীয়া হৈছে। এসময়ত বিজেপিৰ বিগব্ৰাডাৰৰ ভূমিকাত থকা দলটো এতিয়া বিজেপিৰ প্ৰায় প্ৰতিটো চৰ্ত মানিবলৈ বাধ্য হৈছে। কিন্তু কংগ্ৰেছৰ বাবে সেই দুৱাৰখনো বন্ধ। ৰাষ্ট্ৰীয় দলটোৱে বিজেপিৰ কাষ চাপিবই নোৱাৰে। এই অৱস্থাত কংগ্ৰেছৰ বাবে অসমত ইতিহাসৰ সবাতকৈ কঠিন সময় আহি উপস্থিত হৈছে। দলটোৰ মজিয়াত থাকি নিজৰ ভৱিষ্যৎ অন্ধকাৰ দেখা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। নীতিগত আৰু ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত বিজেপিলৈ যাব নোৱাৰা কংগ্ৰেছৰ সন্মুখত এতিয়া কেইবাটাও সৰল বিকল্প আহি পৰিছে। একাংশই অগপত নিজৰ ভৱিষ্যৎ সন্ধান কৰাৰ বিপৰীতে আন একাংশই তৃণমূল কংগ্ৰেছত সুৰক্ষিত অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ কম সময়ৰ ভিতৰতে কংগ্ৰেছ দলটো অসমত বিধায়কশূন্য হৈ পৰাৰ সম্ভাৱনা আছে। বিশেষকৈ মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে দেশখনত শিপাবলৈ আৰম্ভ কৰাত কংগ্ৰেছৰ নেতা-কৰ্মীৰ বাবে দলটো এটা ভাল বিকল্প হিচাপে দেখা দিছে। ইতিমধ্যে দলটোৰ দুজন বিধায়কৰ লগতে একাংশ নেতাই বিজেপিত যোগদান কৰিছে। কেইজনমান বিধায়ক বিজেপিলৈ যোৱাৰ বাবে ঠেং দাঙি থকাটো ইিতমধ্যে ৰাজ্যবাসীয়ে দেখিছে। ইয়াৰ উপৰি কেইজনমান বিধায়ক অগপলৈ যোৱাৰ সম্ভাৱনা আছে।


সবাতকৈ লক্ষণীয় হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ স্থিতি। দলটোৰ নেতৃত্বই উত্তৰ-পূবৰ দুখন ৰাজ্য মেঘালয় আৰু ত্ৰিপুৰাত নিজৰ শক্তি বৃদ্ধি কৰিছে। অসমতো ২০২৪ চনত অনুষ্ঠিতব্য লোকসভা নিৰ্বাচনৰ পূৰ্বে দলীয় শক্তি বৃদ্ধ কৰাত গুৰুত্ব দিছে। অসমৰ সুস্মিতা দেৱক ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত কৰি মমতা বেনাৰ্জীয়ে এই ইংগিত দিছে। অসমত দলীয় শক্তি বৃদ্ধি নহ’লে উত্তৰ-পূব ভাৰতত তৃণমূল কংগ্ৰেছৰ সম্ভাৱনা কেতিয়াও বৃদ্ধি নহয়। সেই কথাটো মমতা বেনাৰ্জীয়ে ভালদৰে জানে। সেয়ে সুস্মিতা দেৱক দললৈ আনি অসমত ভেটি শক্তিশালী কৰাৰ পদক্ষেপ লোৱা হৈছে। নেত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ সমান্তৰালকৈ অসমত তৃণমূল কংগ্ৰেছৰ শক্তি বৃদ্ধি কৰাত নাম পৰিছে। সুস্মিতা দেৱক এইক্ষেত্ৰত কংগ্ৰেছৰ বিধায়ক, নেতা-কৰ্মীৰ বিশাল অংশ এটাই সহায় কৰাৰ সম্ভাৱনা গ কৰি উঠিছে।

জানিব পৰা মতে, অসমৰ বর্তমানৰ দুজন কংগ্রেছ সাংসদৰ লগতে ৫জন বিধায়কৰ সৈতে তৃণমূল কংগ্রেছে যোগাযোগ ৰক্ষা কৰি চলিছে৷ সেইদৰে কেইবাগৰাকী প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়ককো তৃণমূল কংগ্রেছত যোগদানৰ প্রস্তাৱ দিছে৷ তৃণমূল কংগ্রেছৰ তৰফৰ পৰা তেওঁলোকক ৰাজ্যখনত দলৰ নেতৃত্ব লোৱাৰ বাবেও প্রস্তাৱ দিয়া হৈছে৷ জানিব পৰা মতে, অসমীয়া নতুন বছৰটোৰ আৰম্ভণিৰ পৰাই এইক্ষেত্রত তৃণমূল কংগ্রেছে কার্যকৰী পদক্ষেপ গ্রহণ কৰিব৷ ইয়াৰ বাবেই সদ্যহতে অসমত তৃণমূল কংগ্রেছৰ কমিটী গঠনত দলটোৱে বিশেষ পদক্ষেপ গ্রহণ কৰা নাই৷ সূত্রটোৰ মতে, নতুন দিল্লী আৰু কলকাতাত বিভিন্ন সময়ত সেইসকল কংগ্রেছীৰ সৈতে তৃণমূল কংগ্রেছৰ নেতৃত্বই সঘনে আলোচনাত মিলিত হোৱাৰ লগতে সুস্মিতা দেৱৰ জৰিয়তেও সেই যোগাযোগ চলাই আছে৷

ইপিনে তৃণমূল কংগ্রেছৰ তৎপৰতাৰ উমান পাই দলটোক ৰক্ষাৰ স্বাৰ্থত প্ৰদেশ কংগ্রেছৰ নেতৃত্বই অনুশাসনৰ ক্ষেত্রত কিছু শিথিলতা অৱলম্বন কৰিছে৷ যোৱা বিধানসভা নির্বাচনৰ সময়ত দলবিৰোধী কার্যকলাপত লিপ্ত হোৱাৰ অভিযোগত দুই শতাধিক কংগ্রেছীক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰে একাংশক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হয় যদিও পৰৱর্তী পর্যায়ত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ হস্তক্ষেপত সেই কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ প্রক্রিয়া স্থগিত ৰখা হয়৷ কিয়নো সেই কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ তালিকাত বহু জ্যেষ্ঠ প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়ক আদিও আছে৷ কাৰণ দর্শোৱাৰ জাননী লাভ কৰিলে ক্ষোভতে সেইসকল বিজেপি অথবা তৃণমূল কংগ্রেছলৈ যোৱাৰ ভয়তে দলে সেই সিদ্ধান্ত গ্রহণ কৰে৷ আনকি দলৰ পৰা নিলম্বিত হৈ থকা বিধায়ক শ্বেৰমান আলী আহমেদৰ ক্ষেত্রতো শেহতীয়াকৈ দলে যথেষ্ট নৰম স্থিতি গ্রহণ কৰিছে৷ যিকোনো প্রকাৰে শ্বেৰমান আলী আহমেদক দলত ৰখাৰ স্বার্থতেই এই নীতি গ্রহণ কৰিবলৈ বাধ্য হৈছে৷ মন কৰিবলগীয়া এয়ে যে এই মুহূর্তলৈ শ্বেৰমান আলী আহমেদে তেওঁৰ কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ দিয়া নাই৷ উত্তৰ দিয়াৰ বাবে তেওঁ অহা ৩১ জানুৱাৰীলৈ সময় বিচাৰিছে আৰু প্রদেশ কংগ্রেছেও তেওঁক সময় দিছে বুলি জানিব পৰা গৈছে৷ গুৰুত্বপূর্ণ এয়ে যে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিয়েই শ্বেৰমান আলী আহমেদে তেওঁক এ আই ইউ ডি এফৰ লগতে তৃণমূল কংগ্রেছেও তেওঁলোকৰ দলত যোগদানৰ বাবে প্রস্তাৱ দিয়াৰ বিষয়ে সদৰী কৰাৰ লগতে তৃণমূল কংগ্রেছে আনকি তেওঁক ৰাজ্যখনত দলৰ নেতৃত্ব লোৱাৰো প্রস্তাৱ দিয়াৰ বিষয়ে প্রকাশ কৰিছে৷

প্ৰসংগক্ৰমে উল্লেখ্য যে ২০২৪ চনত বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ অৰ্থে মমতা বেনাৰ্জীয়ে দেশজুৰি তৃণমূল কংগ্ৰেছৰ শক্তি বৃদ্ধি কৰিবলৈ অভিযান আৰম্ভ কৰিছে। কিন্তু অভিযানটোত বিজেপিৰ নেতা-কৰ্মীক তেওঁ আকৃষ্ট কৰিবলৈ বৰ বিশেষ সফল হোৱা নাই। ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছৰ পৰা যোৱা নেতা-কৰ্মীয়েহে। অসমতো অনুৰূপ ধাৰাটোৱে কাম কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ বিজেপি নহয় বিৰোধীক দুৰ্বল কৰিহে সবল হ’ব মমতা বেনাৰ্জীৰ দল। ইয়ে তৃণমূল কংগ্ৰেছৰ শক্তি ব়ৃদ্ধি কৰিলেও বিজেপি বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজনৈতিকভাৱে একো ক্ষতি কৰিব নোৱাৰে।

7 views0 comments