অসমৰ জনজাতীয় সমাজৰ কোহে কোহে ভোগালী বিহু




অমাইক্ৰনৰ ছুনামিত চৌদিশে মাথোঁ আতংক আৰু আতংক। সমান্তৰালকৈ কৰোনাৰ আন প্ৰজাতিৰো বিপজ্জনক হাৰত সংক্ৰমণ বাঢ়িছে। বাঢ়িছে বয়-বস্তুৰ দাম। বজাৰ নহয় যেন আকাশ চুব বিচৰা একুৰা জুইহে। কাষলৈ যাবই নোৱাৰি। ইয়াৰ মাজতে আহি উপস্থিত হৈছে অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ ভোগালী বিহু। ইয়াৰ অপেক্ষাত প্ৰতিজন অসমীয়া বছৰটো কটায়। বিহুটি অসমবাসীৰ মাজলৈ অহাৰ এমাহ পূৰ্বৰ পৰাই আৰম্ভ হয় উদযাপনৰ প্ৰস্তুতি। গাঁৱে-ভূঞে আৰম্ভ হয় ভেলাঘৰ, মেজি সজোৱাৰ অভোষিত প্ৰতিযোগিতা। কোনে কিমান আকৰ্ষণীয় ভেলাঘৰ, মেজি প্ৰস্তুত কৰিব পাৰে, তকে লৈ চহ জীৱনত চলে অঘোষিত প্ৰতিযোগিতা। ভোগালী কেৱল মেজি বা ভেলাঘৰ সজোৱাৰ পৰম্পৰায়েই নহয়, ইয়াৰ সৈতে অংগাংগীভাৱে জড়িত হৈ আছে অসমীয়া জাতিৰ পৰিচয়। ভোগালী অবিহনে অসমীয়াৰ পৰিচয় সম্পূৰ্ণ নহয়। ই অসমীয়াৰ জীৱন আৰু জীৱন প্ৰণালীৰ প্ৰতিনিধি। ভোগালীৰ সৈতে জড়িত হৈ আছে ভোগ নামৰ শব্দটো। ভোগৰ সৈতে উৎপাদনৰ সম্পৰ্ক অবিচ্চেদ্য। উৎপাদনৰ সৈতে সম্পৰ্ক জাতিটোৰ কৃষক সমাজৰ। পথাৰৰ সোণোৱালী ধানে ভঁৰাল সমৃদ্ধ কৰাৰ পিছত অসমত ভোগালীয়ে ভৰি থয়। ই উৎপাদনৰ প্ৰাপ্তিৰ পৰা নিৰ্গত আনন্দৰ প্ৰতিফলন। এই আনন্দৰ সৈতে চহা জীৱনৰ ধৰ্মীয় বিশ্বাস, আস্থা আৰু বিভিন্ন পৰম্পৰা লগ হৈ সামগ্ৰিকভাৱে যিটো ৰূপ লাভ কৰে, সেয়াই ভোগালী বিহু। অৰ্থাৎ ভোগালী মাথোঁৰ উছৱেই নহয়, ইয়াৰ সৈতে জাতিটোৰ আধ্যাত্মিক জীৱনটোও সংযুক্ত হৈ আছে। ইয়াৰে কোনোটোকে ভোগালীৰ পৰা পৃথক কৰিব নোৱাৰি।

অসমত ভোগালীৰ আগমনৰ বতৰা দিয়ে খেতিপথাৰখনে। ধানেৰে উপচি পৰা ভঁৰালটোৱে। লগতে পথাৰত এটা দুটাকৈ গঢ় লৈ উঠা মেজি, ভেলাঘৰসমূহে। ইয়াৰ লগতে ঢেঁকিশালৰ পৰা অহা শব্দই ভোগালীক নিমন্ত্ৰণ জনায়। মাজনিশালৈকে ঢেঁকীশালৰ ভাঁহি অহা শব্দই অসমীয়া গ্ৰাম্য জীৱনক উদ্বেলিত কৰি

দোমাহীৰ ঢলপুৱা গা ধুই “আঘোণ-পুহ গ’ল, মেজিৰ জুই ৰজা হ’ল” ধ্বনিৰে মেজি জ্বলাই পৱিত্ৰ মেজিৰ বেদীত অগ্নি দেৱতাক সেৱা জনায় অসমীয়াই। প্ৰতিজন অসমীয়া মেজৰ জুইত অন্যায়-অবিচাৰ, মাৰি-মৰক, দুখ-যন্ত্ৰণা জাহ যোৱাৰ প্ৰাৰ্থনা জনায়। এইবাবেই ভোগালী অনন্য। ই মানৱ সভ্যতাৰ কুশল-মংগল প্ৰাৰ্থনাৰ উছৱ। তাৰ পিছত ভোগৰ পৰম্পৰা আৰম্ভ হয়। ঢেঁকীত খুন্দা মালভোগ – বকুল বৰা ধানৰ চিৰা বান বাটি ওপচা হুৰুম, পিঠা বাঁহৰ চুঙাৰ দৈ, গুড় সান্দহ, জুইত পুৰা মিঠা আলুৰ জুতি ল’বলৈ জুহালৰ মজিয়াত পীৰাত বহে আৰু মাক-দেউতাকৰ লগত একেলগে বহি খায়। বিহুৰ পুৱা কুকুৰা যুঁজ, হাজোৰ বুলবুলিৰ যুঁজ, মৰিগাঁও- নগাঁৱৰ মহ যুঁজ, জুলুকি-পলহ লৈ সমজুৱা মাছমৰা আদিত ব্যস্ত হৈ পৰে অসমীয়া চহা জীৱন। জীৱন নহয় যে কৃষ্টি-সংস্কৃতিৰ এখন বিনন্দীয় ছবিহে। টঙাল আৰু নৰাৰে বৰঘৰ, ভঁৰালৰ মূধ খুটা বান্ধে। ইয়াৰে ফাগুনৰ পছোৱাত, ব’হাগৰ বৰদৈচিলাত ভংৰাল, ঘৰ আদিক বাগৰি নপৰাকৈ ৰখাৰ চেষ্টা চলোৱা হয়। বাৰীৰ গছ-গছনি বান্ধে বতাহ ধুমুহাত বিনষ্ট নহৈ ঋতুৱে ঋতুৱে ফলে-ফুলে জাতিষ্কাৰ হৈ নদন বদন হ’বলৈ।

পৰম্পৰা আৰু বৈশিষ্ট্যৰ দিশেৰে ভোগালী বিহু অসমৰ প্ৰতিটো জনজাতি-জনগোষ্ঠীভেদে কিছু সুকীয়া। অৱশ্যে মূল আবেদন আৰু ভেটিটো একেই। কৃষিভিত্তিক উৎসৱ। ইয়াত প্ৰতিটো জনজাতি-জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্য আৰু পৰম্পৰা প্ৰতিফলিত হয়।

বড়োসকলৰ মাঘ বিহু

বড়োসকলে মাঘ বিহুক ‘মাগৌ দমাংছি’ বোলে। তেওঁলোকে অতীজৰে পৰা মাঘ বিহুত তিনিটা মেজি সজা দেখা যায়। এটা ঘাই মেজি বা দৰা মেজি, এটা মাজ বা কন্যা মেজি আৰু শেষৰটো সৰু মেজি বা গা ধোৱা মেজি। উৰুকাৰ দিনা ভোজ ভাত খাই সৰু মেজিটো জ্বলোৱা হয়, পিছদিনাহে বাকী দুটা মেজি জ্বলোৱা হয়। মাঘৰ দোমাহিৰ কেইদিন গা নুধুলে পৰজনমত কাউৰী হয় বুলি বড়োসকলৰ এটা বিশ্বাস আছে। উৰুকাৰ দিনা বড়োসকলে বৰঘৰ, সৰুঘৰৰ বেৰবোৰ চাৰিওফাল গৰুৰ গোবৰেৰে দীঘলকৈ এশাৰী লিপি দিয়ে, তেনে কৰিলে ঘৰখন পৱিত্ৰ হয় বুলি বিশ্বাস আৰু ঘৰৰ ভিতৰলৈ কোনো দেও, দেৱতা সোমাই আহিব নোৱাৰে বুলি ভাবে৷ এয়া তেখেতসকলৰ পৰম্পৰাগত বিশ্বাস। তদুপৰি, এই জনগোষ্ঠীৰ লোকে মুকলি পথাৰত বিহুৰ কেইদিনমান আগৰ পৰাই জাতি বাঁহ, নৰা, কলঠৰুৱা আদিৰে দীঘল গগনচুম্বী মেজী সাজে। আনকি মেজিবোৰৰ বাহবোৰ কোনখন গাঁৱৰ কিমান জোৰেৰে ফুটে তাক লৈও প্ৰতিযোগীত চলে। মেজি জ্বলাওতে বড়োসকলে মানৱ সমাজৰ পৰা মাৰি মৰক আঁতৰ কৰিবলৈ জয় ধ্বনি দি বড়োসকলে যিটো বড়োগীত পৰিৱেশন কৰে তাৰ অৰ্থ হ’ল— ‘‘জয় জয় আমাৰ গাঁৱৰ জয়, উত্তৰ- দক্ষিণ-পূব-পশ্চিমৰ ৰোগ ব্যাধিবোৰ আৰু দূৰলৈ যাওক, আমাৰ গাওঁখনত ধান মাহৰ উৎপাদন বাঢ়ক, পুখুৰীত মাছ বাঢ়ক, আমাৰ গাঁৱৰ গৰুৰ পোৱালিবোৰ নোদোকা হওক। ’’

মিছিংসকলৰ মাঘ বিহু

নৈ পাৰত বসতি কৰা মিছিং জনগোষ্ঠীৰ লোকসকলেও পৰম্পৰাগত ৰীতিনীতিৰে মাঘবিহু উদযাপন কৰে। ড.বসন্ত কুমাৰ দলে দেৱে এই বিষয়ে ‘অসমৰ জনজাতি আৰু সংস্কৃতি’ত( প্ৰকাশকঃ অসম সাহিত্য সভা) লিখিছে বহু কথা — মিছিংসকলে মাঘ বিহুক ‘মাঃগ্’ বোলে। ঘাইকৈ জনগোষ্ঠীটোৱে দুটা মেজি সাজে, এটা ওখ মেজি আৰু আনটো চাপৰ মেজি। ওখ মেজিটোক মতা মেজি আৰু চাপৰ মেজিটোক মাইকী মেজি বোলা হয়। মেজি সজা কাৰ্যক ‘মাঃগ্ পাঃনাম্’ বোলে। এমাহমান আগৰ পৰাই নৈৰ দাঁতিৰ পৰা শুকান ইকৰা, খাগৰি, নল আদি সংগ্ৰহ কৰি মেজি সাজে। উৰুকাৰ নিশা ভোজ ভাত খোৱা প্ৰথা মিছিং সমাজত নাই। আকাশত কাউৰী উৰাৰ আগতেই প্ৰথম মতা মেজীটো জ্বলোৱা হয়, পিছতহে মাইকী মেজি জ্বলোৱা হয়। মেজি জ্বলোৱাৰ আগতে মেজিৰ ওপৰেদি কাউৰী উৰিব নাপায় বুলি বিশ্বাস কৰে। পিতৃ মাতৃ জীয়াই থকা এজন ডেকাই নৈত গা ধুই আহি তিতা গাৰে মেজিত জুই দিয়াটো নিয়ম। মেজিত জুই দিয়াৰ লগে লগে চন্দ্ৰ, সূৰ্য, মেঘ, বৰষুণকে ধৰি নিজৰ পৰিয়ালৰ মঙ্গল কামনা কৰি নিজৰ ভাষাতেই প্ৰাৰ্থনা গাই। সন্তানহীন দম্পতী বা ৰোগাক্ৰান্ত পৰিয়ালে সেইদিনা মেজিৰ দাঁতিত ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে। সেইদিনা প্ৰতিজন লোকেই আলুজাতীয় (কাঠ আলু, মোৱা আলু আদি)খাদ্য এচিকটা হলেও খোৱাটো নিয়ম। মাঘ বিহু উপলক্ষে গাঁৱৰ মানুহে একেলগ হৈ দুই – তিনিদিন মাছ মৰাটোও এই জনগোষ্ঠীটোৰ স্বকীয় পৰম্পৰা।

ঠেঙাল কছাৰীসকলৰ মাঘ বিহু

অসমৰ আন এটা জনগোষ্ঠী ঠেঙাল কছাৰীসকলেও মাঘ বিহুত ভোজ ভাত খোৱাৰ আগতেই খৰিৰ মেজি সাজি মেজিৰ ওপৰ মূৰত ধনুকাঁড় বান্ধি কাঁড়ত এটা কলডিল ওপৰমুৱাকৈ বান্ধি ৰখাৰ পৰম্পৰা আছে। মেজিৰ তলত ভোজ ভাত খাবলৈ ওচৰ চুবুৰীয়াৰ পৰা হাঁহ, পাৰৰ লগতে আলু, কচু, শাক পাচলি আদি সংগ্ৰহৰ পৰম্পৰা আছে। ভোজ ভাত খাই গঞা জ্ঞাতি ঘৰা ঘৰি যোৱাৰ পিছত ডঙুৱা ডেকাসকলে ৰাতিটো মেজি ৰখে।

সোণোৱালসকলৰ মাঘ বিহু

সোণোৱাল জনগোষ্ঠীৰ লোকে মাঘ বিহুত ব্ৰহ্মা পূজা আৰু অগ্নিপূজাও পাতে। সোণোৱাল সকলেও দুটা মেজি সাজে, এটা ডাঙৰ আনটো সৰু। সোণোৱাল সকলেও মাঘ বিহুত আলু নাখালে মানুহ গাহৰিলৈ ৰূপান্তৰিত হয় বুলি বিশ্বাস কৰে। বিহুৰ কেইবাদিনৰ আগৰ পৰাই মেজি প্ৰস্তুত কৰা হয়, আনকি ছয় সাত দিন মানৰ আগৰ পৰা পথাৰত মেজি ৰখে, মেজি নৰখিলে বা ফেঁচা আদি মেজিত পৰিলে বা শিয়ালে মূতিলে মেজি অশুচি হয় বুলি সোণোৱালসকলে বিশ্বাস কৰে। মেজি ৰখা কেইদিন ডেকাসকলে বিভিন্ন গীত মাত গাই অঞ্চলটো মুখৰ কৰি ৰাখে। সোণোৱালসকলে মাঘ মাহত সমূহীয়াকৈ মাছ ধৰে।

ডিমাছা সকলৰ মাঘ বিহু

ডিমাছা সকলে মাঘ বিহু সাতদিন পাতে, এইকেইদিনত ৰাতি উজাগৰে থাকিবৰ বাবে বাঁহ, খেৰ, নৰা আদিৰে হাৰলি ঘৰ সাজে। প্ৰত্যেকটো হাৰলি ঘৰৰ আকৃতি বেলেগ বেলেগ। প্ৰতীকবোৰ খেৰ, বাঁহ, জকা, ডাল আৰু কাঁঠেৰে নিৰ্মাণ কৰে। হাৰলি ঘৰক ‘দিয়া মাছাও’ বোলে, দোকমোকালিতে গা পা ধুই বিষ্ণুৰ নাম লৈ বিহুৰ দিনা ‘হাৰলি ঘৰ’বোৰত জুই লগাই দিয়ে। আনকি এই সময়ত গাজাইবাও দেৱতাৰ অৰ্থে তামোল পান সভক্তিৰে আগবঢ়াই দিয়া হয়। ডিমাছা সকলে পাঁচটা, সাতটা বা নটাকৈ এনেধৰণে মেজিবোৰ সাজে।

টাই আহোমসকলৰ মাঘ বিহু

টাই আহোমসকলে মাঘ বিহুত মেজি সাজি অগ্নিদেৱতাৰ পূজা কৰাৰ লগতে ম’হ যুঁজ, কুকুৰা যুঁজ, হাতী যুঁজ, কনী যুঁজ অনুষ্ঠিত কৰিছিল। তাহানি ৰংঘৰ পথাৰ, মেটেকা পথাৰ, বগী দ’ল পথাৰ আদিত এই যুঁজ অনুষ্ঠিত কৰা হৈছিল। প্ৰধানতঃ স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত এই যুঁজ অনুষ্ঠিত হৈছিল। এই বিহুত বিবিধ পিঠা পনা বনোৱা হয়, উপৰিপুৰুষক এই বিহুত স্মৰণ কৰাও নিয়ম। বিহুৰ দিনা ৰংঘৰৰ বাকৰিত আহোম স্বৰ্গদেউ আৰু দা ডাঙৰীয়াৰ উদ্যোগত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল, ইয়াত পুৰস্কৃতসকলক বঁটা বাহন দিয়াৰো পৰম্পৰা আছিল। স্বৰ্গদেউসকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল।

তিৱাসকলৰ মাঘ বিহু

‘অসমৰ জনজাতি আৰু সংস্কৃতি’ গ্ৰন্থত লিখামতে তিৱা সকলে উৰুকাৰ ৰাতি এবিধ বিশেষ ধৰণৰ গীত মাত গায়৷ পাঁচ ছয়টা নগঞা পাতি ঢোলৰ চেৱে চেৱে জনগোষ্ঠীয় যৌন সম্পৰ্ক থকা এইবোৰ গীত গোৱাৰ পৰম্পৰা থকাটো বিশেষভাৱে মনকৰিবলগীয়া কথা। মাজতে ইটো ঢুলীয়াই সিটো ঢুলীয়াক ঢোলৰ চেৱেৰে কাজিয়াৰ সূত্ৰপাত ঘটায়। এনেদৰে গোটেই ৰাতি যৌৱন উচ্চল গীতমাত গাই পুৱা বয়োজ্যেষ্ঠ এজনক মেজি জ্বলাবলৈ আহ্বান কৰে। মেজি সাজোতে মেজিলৈ বুলি গুৱা-পান এজোৰ সভক্তিৰে আগবঢ়োৱাটো পৰম্পৰাগত এটা ৰীতি। দুপৰীয়া প্ৰত্যেকঘৰ মানুহেই দেওঘৰত দেওপূজা কৰি উঠিহে পিঠা পনা খোৱা আৰম্ভ কৰে। আনহাতে সন্ধিয়াও দেওঘৰত মৃত ককাক, আইতাক তথা মাক দেউতাকৰ নামত চাকি বন্তি দিয়াৰ নিয়ম এটা আছে। পিছদিনা ঘৰে ঘৰে গৈ বিহুৰ পিঠা পনা খাই। গাঁৱৰ ৰাইজে বিভিন্ন খেল ধেমালিৰ আয়োজন কৰি আনন্দ কৰে।



ৰাভাসকলৰ মাঘ বিহু(দোমাচী):

ৰাভা জনগোষ্ঠীৰ লোকসকলে মাঘ বিহু(দোমাচী) পুহৰ শেষ আৰু মাঘৰ সংক্ৰান্তিত পালন কৰে। এই উৎসৱত ভেলাঘৰ সজা, ভেলা পুজি তৈয়াৰ কৰা দেখা যায়। মেজি আৰু ভেলাঘৰত মদ, গাহৰিৰ মাঙহেৰে ভোজভাত খায়। পিছদিনা পুৱাই গাঁৱৰ বয়োজ্যেষ্ঠজনে ভেলা পুজিত জুই জ্বলাই কয় ‘দোমাচী’ ‘দোমাচী’ মাগা মাগা ৰাংচি বুলি সেৱা জনায়। সকলোৱে মেজিৰ ছাঁইৰ ফোঁট লয় আৰু চাৰিদিনীয়াকৈ ৰাভাসকলে এই দোমাচী পালন কৰে।


কোচ ৰাজবংশীৰ(পুষুণা):

মাঘৰ দোমাচীক তেওঁলোকে পুষুণা বুলি কয়। ভেলাঘৰ জ্বলোৱা দিনটোত কোচ ৰাজবংশী লোকসকলে ‘গৰুৰ দোমাচী’, ইয়াৰ পিছত আত্মীয়-কুটুমক খুওৱা ‘মানুষ দোমাচী’ বুলি কয়। পোহনীয়া জীৱ-জন্তুক উচৰ্গা কৰা দিনটোক পথৰী পিতামৰ দোমাচী বুলি কোৱা হয়। ভোগালীৰ দৈ-চিৰা খোৱাৰ উপৰি কোচ ৰাজবংশী লোকে মাঘৰ দোমাচীত টোপোলা ভাত, কৰাই চিৰা বা আটকৰাই খায়। আটকৰাই হৈছে- আঠটা বস্তুৰে তৈয়াৰ কৰা বিশেষ খাদ্য। ১)বুন্নি চাউল(বৰা চাউল), মাটি কলাই(মাটি মাহ)মৌ কলাই, কুণ্টি কলাই(কলা মাহ) ঘাটা(তিল)বুট, আদা আৰু নুন- নিমখ। তেওঁলোকে তিনিদিন ভেলাঘৰ জ্বলাই থাকে।


শৰণীয়া কছাৰী:

শৰণীয়া কছাৰীসকলে মাঘৰ ‘দুমহি’(দোমাহী) সাতদিন ধৰি পালন কৰে, পথাৰত ভেলাঘৰ সাজি তাত সকলোৱে লগভাত খায়। ভেলাঘৰৰ কাষতে ভেলা পুজি তৈয়াৰ কৰে। ভেলা পুজি তিনিটা সাজে। ডাঙৰটো মতা পুজি আৰু সৰুটোক মাইকী পুজি বুলি কয়। তিৰোতা আয়তীসকলে সেৱা জনাই মাহ, তিল আৰু খাৰ ছটিয়াই দিয়ে। ভেলা পুঁজিৰ আধা পোৰা বাঁহ খৰি আনি লগনি তামোল নাৰিকল গছত বান্ধি দিয়ে। সাতদিন এই মাঘ বিহুত খেলা-ধেমালি পতা আৰু ইষ্টু-কুটুম্বৰ ঘৰলৈ অহা যোৱা কৰে। এনেদৰে মাঘৰ দুমহী শৰণীয়া কছাৰীসকলে পালন কৰা দেখা যায়।

<