অসমৰ বাবে এটা অত্যন্ত সুখবৰ : জ্ঞানপীঠ বঁটা পালে কবি নীলমণি ফুকনে




কথাশিল্পী হোমেন বৰগোহাঞিৰ ওপজা দিনটোতে অসমৰ বাবে আহিল এটা অত্যন্ত গৌৰৱ আৰু সুখৰ খবৰ। তৃতীয়গৰাকী অসমীয়া হিচাপে জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট কবি নীলমণি ফুকন।

সাহিত্য জগতখনলৈ জীৱনজুৰি আগবঢ়োৱা সেৱা আৰু উৎকৃষ্ট অৱদানৰ বাবে বঁটাটো লাভ কৰিছে নীলমণি ফুকনে।



উল্লেখ্য যে প্ৰতীকবাদ আৰু চিত্ৰকল্পৰ জৰিয়তে অসমীয়া কবিতাৰ জগতখন সমৃদ্ধ কৰা নীলমণি ফুকনৰ হাতত ধৰি অসমীয়া সাহিত্যই উত্তৰণৰ নতুন ক্ষেত্ৰ এখনত প্ৰৱেশ কৰে। সমসাময়িক আন বিশিষ্ট কবিয়ে যোৱা বাটেৰে নগৈ কবি নীলমণি ফুকনে অসমীয়া সাহিত্যক সমৃদ্ধ কৰে।

তেওঁৰ উল্লেখযোগ্য গ্ৰন্থকেইখনমান হ'ল- ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’।


কবি ফুকনৰ গোলাঘাট জিলাৰ দেৰগাঁৱত জন্ম হয়। তেওঁ ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কবিগৰাকীয়ে ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে।

১৯৬৪ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে।



কবি নীলমণি ফুকনে ইয়াৰ পূৰ্বে পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল। তেওঁ সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল।

11 views0 comments