অসমৰ ভীম কল লগত লৈ যাব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে





অসমৰ ভীম কল ৰাষ্ট্ৰপতি ভৱনলৈ নিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে। ইয়াৰ বাবে সাজু কৰিও ৰখা হৈছে চাৰি খৰাহি ভীম কল। অসমত তিনিদিনীয়া কাৰ্যসূচী সামৰি সেই ভীম কল ৰাষ্ট্ৰপতি ভৱনলৈ নিব ৰামনাথ কোৱিন্দে। আচলতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰিৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে ভীম কল দেখা পায়। ছাফাৰিৰ সময়ত হাতীক খুৱাওতে ভীম কল দেখি ৰাষ্ট্ৰপতিগৰাকী ইমানেই আকৰ্ষিত হৈ পৰে যে ভীম কল লগত লৈ যোৱাৰ আগ্ৰহ প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিৰ আগ্ৰহ দেখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই লগে লগে চাৰি খৰাহি নোদোকা ভীম কল ৰাষ্ট্ৰপতিৰ বাবে সাজু কৰি দিয়ে। উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰ আজি অন্তিম দিনা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য হিয়াভৰি উপভোগ কৰে ৷ তেওঁ আজি পুৱাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত হাতীৰে উদ্যান দৰ্শন কৰি বিভাগীয় হাতীক ভীম কল খুৱায়৷ ইয়াৰ পিছতেই নিজৰ লগত লৈ যাব পৰাকৈ ভীম কল বিচাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। যাৰ বাবে ৰাষ্ট্ৰপতিক দিবৰ বাবে ৪ খৰাহি ভীম কল আনিছে কাজিৰঙাৰ উদ্যান কৰ্তৃপক্ষই৷



ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত বিভাগীয় হাতীত উঠি উদ্যান দৰ্শন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ৷ তাৰ পিছত জীপছীৰে উদ্যানখনৰ কাঠপৰা দৰ্শনচূড়ালৈকে গৈ কাজিৰঙাৰ প্ৰকৃতি আৰু বন্যপ্ৰাণী দৰ্শন কৰে ৷ ৰাষ্ট্ৰপতিৰ লগত তেওঁৰ পৰিবাৰ সবিতা কোৱিন্দ আৰু দুহিতা স্বাতী কোৱিন্দেও হাতীৰে উদ্যান দৰ্শন কৰে৷ ৰাষ্ট্ৰপতিক উদ্যানখন ভ্ৰমণত অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষিমন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে উচ্চপদস্থ বিষয়াসকলে সংগ দিয়ে৷


প্ৰসংগক্ৰমে উল্লেখ্য যে ৰাষ্ট্ৰপতিগৰাকীৰ আজি পুৱাৰ কাৰ্যসুচীত ২১টা হাতী ব্যৱহাৰ কৰা হয়৷ ইয়াৰে মাউট কাচিম আলীয়ে পৰিচালনা কৰা পৱন নামৰ হাতীটোত ৰাষ্ট্ৰপতি ৰামনাথ কোবটৱিন্দ, মাউট মনোজ দৰ্জীয়ে পৰিচালনা কৰা শুক্ৰাচাৰ্য নামৰ হাতীটোত ৰাষ্ট্ৰপতিৰ পৰিবাৰ সবিতা কোৱিন্দ আৰু দুহিতা স্বাতীৰ উপৰিও বীৰ, প্ৰদ্যুন্ম আৰু লক্ষীমাই নামৰ হাতী দুটাত ৰাষ্ট্ৰপতিৰ ব্যক্তিগত দেহৰক্ষী আৰু উচ্চপদস্থ বিষয়া উঠে।



হাতীৰে উদ্যান দৰ্শন কৰি আহি ৰাষ্ট্ৰপতি কোৱিন্দে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত জ্বলাই দিয়া গঁড়ৰ খড়্গৰ ছাইৰে নিৰ্মিত এটা গঁড়ৰ প্ৰতিমূৰ্তি মাংগলিক ৰীতিৰে উদ্বোধন কৰে৷ ইয়াৰ পিছতেই তেওঁ আহাৰ গ্ৰহণ কৰি কঁহৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃত আয়োজিত কাজিৰঙাৰ ঐতিসাহিক সম্পদৰ প্ৰদৰ্শনী দৰ্শন কৰে ৷

9 views0 comments