অসমীয়াক মেঘালয়ত চামিল হ'বলৈ ভাবুকি দি গ্ৰেপ্তাৰ এক : নিশা বকোত উত্তেজনা




সীমান্তত বসবাস কৰা অসমৰ জনগণক মেঘালয়ত চামিল হ'বলৈ বিভিন্ন প্ৰকাৰে ভাবুকি-হেঁচা দি অহা অসমবিদ্বেষী লোক এজনৰ গ্ৰেপ্তাৰক লৈ বৃহস্পতিবাৰে নিশা বকোত উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয়। লোকজনক মুক্তিৰ দাবীত একাংশ লোকে বকো থানা ঘেৰাও কৰে। থানা ঘেৰাও কৰা দলটোৰ সৈতে আৰক্ষীৰ ঠেলা-হেঁচা লাগে। অৱশ্যে আৰক্ষীয়ে লোকজনক মুকলি কৰি দিয়া নাই।


বকো আৰক্ষীয়ে ক্লানডিত চাংমা (৩৩) নামৰ লোকজনক নিশা গ্ৰেপ্তাৰ কৰে। ধৃত চাংমাৰ ঘৰ বকো থানাৰ অন্তৰ্গত শালবাৰী গাঁৱত। তেওঁ দীৰ্ঘদিন ধৰা অসমৰ বিভিন্ন গাঁৱৰ লোকক মেঘালয়ৰ ভৌগোলিক সীমাৰ ভিতৰত চামিল হ’বলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল। আনকি মেঘালয়ত চামিল হ’ব নিবিচৰা লোকক তেওঁ শাৰীৰিক আৰু মানসিক অত্যাচাৰো চলাই আহিছিল।


স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে নিশা বকোৰ গামেৰীমূৰা বজাৰৰ পৰা বকো আৰক্ষীয়ে চাংমাক গ্ৰেপ্তাৰ কৰে। ইফালে, চাংমাক গ্ৰেপ্তাৰৰ প্ৰতিবাদ আৰু মুকলিৰ দাবীত নিশাই একাংশ বকো থানা ঘেৰাও কৰে। ইয়াকে লৈ বকোত উত্তেজনাৰ সৃষ্টি হয়।

4 views0 comments