অসমীয়া অভিযন্তালৈ অষ্ট্ৰেলিয়া চৰকাৰৰৰ প্ৰতিষ্ঠিত উদ্ভাৱন অনুদান সন্মান




বিজ্ঞানৰ জগতখনত চমক লগাই অসমৰ অভিযন্তাই কঢ়িয়াই আনিছে গৌৰৱ । অষ্ট্ৰেলিয়ান উদ্ভাৱন পেটেণ্ট নং 2021105490 – “Eco friendly river training system for fluvial inland water bodies”-ৰ বাবে অষ্ট্ৰেলিয়ান চৰকাৰে অসম সন্তান ডঃ নয়ন শৰ্মালৈ প্ৰতিষ্ঠিত উদ্ভাৱন প্ৰমাণপত্ৰ আগবঢ়াইছে । আই আই টি ৰুৰকিৰ প্ৰাক্তন অধ্যাপক ডঃ শৰ্মা হৈছে প্ৰয়াত অধ্যাপক পৰমেশ্বৰ শৰ্মাৰ পুত্ৰ । সস্তীয়া অগ্ৰগামী পৰিৱেশ অনুকূল প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱক হিচাপে ডঃ শৰ্মাক এই সন্মান প্ৰদান কৰা হয় । বছৰৰ পাছত বছৰজুৰি আই আই টি ৰুৰকিৰ পৰীক্ষাগাৰত কৰি অহা কঠোৰ পৰিশ্ৰমৰ অন্তত তেওঁ এই সফলতা লাভ কৰিছে । নদীৰ খনন কাৰ্যৰ পৰা চাহ বাগানবোৰক বচাবলৈ শেহতীয়া কেইটামান দশকত এই উদ্ভাৱনৰ আগৰ সংস্কৰণবোৰক ব্ৰহ্মপুত্ৰ নদীৰ কেইটামান উপনদীত সফলতাৰে প্ৰয়োগ কৰা হৈছিল । ডঃ শৰ্মাৰ এই উদ্ভাৱন হৈছে থলুৱা পৰিবেশ অনুকূল পদ্ধতি ব্যৱহাৰ কৰি প্ৰতিকূল ক্ষতিকাৰক ঘূৰ্ণিবতাহক বিচৰাধৰণে যোগাত্মক কামত ব্যৱহাৰ কৰিবলৈ আভ্যন্তৰীণ জলবাহী সোঁতৰ শক্তিক ব্যৱহাৰ কৰাৰ নীতিৰ ওপৰত আধাৰিত । পৰিপক্ক হাতত পৰিলে এই সস্তীয়া প্ৰযুক্তিয়ে সংৰক্ষিত অতিমাত্ৰা খৰচী নদী ট্ৰেইনিং পদ্ধতিবোৰৰ ঠাই লোৱাৰ সম্ভাৱনা । আমাৰ নদী ব্যৱস্থাৰ দীৰ্ঘম্যাদী বান-খননৰ দৰে সমস্যাবোৰৰ লগত কৌশলগতভাৱে মোকাবিলা কৰাৰ ক্ষেত্ৰত এই ধৰণৰ দৃষ্টান্তমূলক পৰিৱৰ্তন-নীতিৰ খুবেই প্ৰয়োজন ।

10 views0 comments