অসমীয়া ভাষাৰ ৰক্ষক বুলি পূৰ্ববংগীয় মুছলমানৰ প্ৰচাৰত ভোল নাযাব, এয়া মিছা



অসম কেৱল এটা ভাষিক সম্প্ৰদায়ৰ ভূমি নহয়। ৰাজ্যখনত বিভিন্ন ভাষা-ভাষীৰ লোক বসবাস কৰে। ২০০১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ মুঠ জনসংখ্যাৰ ৪৯ শতাংশই অসমীয়া আৰু ২৮ শতাংশই বাংলা ভাষা ব্যৱহাৰ কৰে। পিয়লৰ তথ্য অনুসৰি, অসমত ২৩টা স্বীকৃত ভাষা আছে। সেইবোৰৰ অন্যতম বড়ো, মিচিং, ৰাভা, তিৱা, দেউৰী, চাকমা, ডিমাচা, কছাৰী, গাৰো, খাচী, জয়ন্তীয়া, হোজাই, মেচ আদি। লখিমপুৰ আৰু ধেমাজি জিলাত প্ৰায় ১ লাখ মানুহে মিচিং ভাষা, কাৰ্বি আংলং জিলাত প্ৰায় ৩ লাখ মানুহে কাৰ্বি ভাষা, গোৱালপাৰা জিলাত প্ৰায় ৬০ হাজাৰ মানুহে গাৰো, শোণিতপুৰ জিলাত প্ৰায় ১ লাখ মানুহে নেপালী ভাষা, তিনিচুকীয়া জিলাত প্ৰায় ৮০ হাজাৰ মানুহে হিন্দী ভাষা ব্যৱহাৰ কৰে। ১৯৫১-২০০১ চনলৈ হোৱা লোকপিয়লৰ মতে বাংলা ভাষা ব্যৱহাৰ কৰা মানুহৰ জনসংখ্যা ৬% বৃদ্ধি পাইছে কিন্তু অসমীয়া ভাষা ব্যৱহাৰ কৰা মানুহৰ জনসংখ্যা ৭% অৱনমিত হৈছে। ৰাজ্যখনত বড়ো ভাষা কোৱা লোকৰ সংখ্যা কেইবালাখ। ইয়াৰে জনজাতীয় লোকসকল অসমৰ আদিম বাসিন্দা। তেওঁলোকে নিজৰ মাজত নিজৰ নিজৰ ভাষা ব্যৱহাৰ কৰে। লক্ষণীয় কথাটো হৈছে অসমীয়া ভাষাটোক সংযোগী ভাষা হিচাপে ব্যৱহাৰৰ প্ৰৱণতা জনজাতীয় লোকসকলৰ মাজত বৃদ্ধি পাইছে। ইয়াৰ পৰা এটা কথা নিশ্চিত কৰিব পাৰি যে অসমত খিলঞ্জীয়া জনজাতীয় বা জনগোষ্ঠীয় লোকৰ পৰা অসমীয়া ভাষাৰ সংকট বা বিপজ নাই। লোকপিয়লত সংখ্যাটো কম হ’লেও প্ৰকৃতাৰ্থত অসমীয়া ভাষা ব্যৱহাৰ কৰা লোকৰ সংখ্যা এইখন ৰাজ্যত অনেক। লোকপিয়লত এজন বড়োভাষী লোকে নিজকে বড়োভাষী হিচাপে চিনাকি দিয়াটো স্বাভাৱিক। কিন্তু আন জনগোষ্ঠীল সৈতে মত বিনিময় কৰোঁতে তেওঁ অসমীয়া ভাষাটোক প্ৰাধান্য দিয়ে। কিন্তু অসমৰ চুকে-কোণে ভৰি থকা মুছলমানসকলে মানে পূৰ্ববংগীয় মুছলমানসকলে প্ৰকৃতাৰ্থত অসমীয়া ভাষা ব্যৱহাৰ কৰেনে? লোকপিয়লৰ তথ্যই সেই কথা প্ৰতিফলিত নকৰে। কোৱা হয় যে অসমীয়া ভাষাটো চৰত বসবাস কৰা লোকৰ বাবে অসমত সংখ্যাগৰিষ্ঠৰ ভাষা হৈ আছে। নহ’লে ই কেতিয়াবাই সংখ্যালঘুত পৰিণত হ’লহেঁতেন। বিষয়টোৰ গভীৰতলৈ যোৱাৰ পূৰ্বে পূৰ্ববংগীয় লোকৰ ইতিহাসলৈ চোৱা যাওক। তেওঁলোক বাংলাভাষী। ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ পিছতো অকল ভাষাৰ বাবেই পাকিস্তান বিভাজিত হৈ বাংলাদেশ গঠন হৈছিল। অৰ্থাৎ ভাষাপ্রেম তেওঁলোকৰ শিৰাই শিৰাই প্ৰৱাহিত। পাকিস্তানৰ শাসকে বৰ্তমানৰ বাংলাদেশত উৰ্দু ভাষা জাপি নিদিলিহেঁতেন, আজিৰ পাকিস্তানৰ ভূগোল হয়তো সুকীয়া হৈ থাকিলহেঁতেন। সৰল ভাষাত ক’বলৈ গ’লে ধৰ্মৰ লগতে পূব পাকিস্তানৰ লোকসকলৰ ভাষাপ্ৰীতি এটা প্ৰধান বৈশিষ্ট্য। পৃথিৱীৰ য’তে নাথাকক কিয়, তেওঁলোকে বাংলা ভাষা নকৰে। অসমত যদি কোনোৱে কয় যে অসমীয়া ভাষাটো পূৰ্ববংগীয় লোকৰ বাবে সংখ্যাগৰিষ্ঠ হৈ আছে, সেইটো সত্যৰ অপলাপৰ বাহিৰে আন একো নহয়। ৰাজ্যখনৰ খিলঞ্জীয়া মুছলমানসকলে অসমীয়া ভাষা কয়। সেইটো লোকপিয়লত সন্নিৱিষ্ট হয়। এটা ক্ষুদ্ৰ অংশতহে পূৰ্ববংগীয় মুছলমানে লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে তথ্য দাঙি ধৰে। কথাটোৰ সত্য প্ৰতিপন্ন কৰিবলৈ কেইটামান সমষ্টি হাতত লোৱা হওক।


কলগাছিয়াত ২০০১ চনৰ লোকপিয়ল অনুসৰি হিন্দু ১,৫১৬গৰাকী, মুছলমান ১,৪৬,৫১৬গৰাকী৷ কিন্তু তাত অসমীয়াভাষীৰ ৩৩,৭৯০গৰাকী। বাংলাভাষী ১,১৪,৩৪৫জন৷ অঞ্চলটোত

হিন্দুৰ সংখ্যা ১,৫১৬জন। তাৰো সিংহভাৱ বাঙালী হিন্দু। কলগাছিয়াৰ মুছলমানে যদি নিজকে অসমীয়াভাষী হিচাপে পৰিচয় দিলেহেঁতেন তাত অসমীয়াভাষীৰ সংখ্যা লক্ষাধিক চকু মুদি হ’ব লাগিছিল। সেইটো হ’লনে? নহ’ল। কাৰণ মুছলমানসকলে নিজকে বাংলাভাষী হিচাপে পৰিচয় দিলে। অথচ অসমৰ এচামে টেটু ফালি চিঞৰি থাকে, অসমত পূৰ্ববংগীয় মুছলমানে অসমীয়া ভাষা কয়। তেওঁলোকৰ বাবেই অসমীয়া ভাষা মৰ্যাদাসহকাৰে তিষ্ঠি আছে। কেনে গোকাট মিছা কথা এটাক চক্ৰান্তমূলকভাৱে প্ৰচাৰ চলাই এই ৰাজ্যখনক আন দিশেৰে গ্ৰাস কৰাৰ অপচেষ্টা চলাই থকা হৈছে।

আৰু এটা অঞ্চল নমুনা হিচাপে লোৱা হওক। বাঘবৰত ২০০১ চনৰ লোকপিয়ল অনুসৰি, হিন্দু ১০,৯৪৯জন, মুছলমান ২,৮৪,২৫১জন৷ প্ৰায় তিনি লাখ মুছলমানৰ বসতিপূৰ্ণ অঞ্চলটোত অসমীয়াভাষীৰ ৪৫,০২২জন। বাংলাভাষীৰ সংখ্যা ২,৫০,০৯১জন৷ আঢ়ৈ লাখ বাংলাভাষী ক’ৰ পৰা আহিল। তাত ইমান হিনদু বাঙালী নায়েই। প্ৰায় সকলো মুছলমান। অসমত হিন্দু বাঙালীৰ পৰা ইছলামলৈ ধৰ্মান্তৰিত হোৱাৰ ইতিহাস নাই। ইতিহাস আছে বড়ো, কোচ ৰাজবংশীকে ধৰি বিভিন্ন খিলঞ্জীয়া লোকৰ। তেওঁলোক ইতিহাসৰ পাকচক্ৰত পৰি ধৰ্মান্তৰিত হোৱা লোক। তেনে লোক বাঘবৰত কিমানেইবা আছে। এই দুটা অঞ্চল অসমত পূৰ্ববংগীয় মূলৰ মুছলমানে অসমীয়া ভাষাক জীয়াই ৰখা বুলি কোৱা অপপ্ৰচাৰটোৰ মুখা খুলি দিবলৈ যথেষ্ট। বিষয়টো আৰু অলপ ফহিয়াই চোৱা যাওক। দৰং জিলাৰ দলগাঁও সমষ্টিত ২০০১ চনৰ লোকপিয়ল অনুসৰি, হিন্দু ৮০,১৪১জন আৰু মুছলমান আছে ৩,২৩,৩০৯জন। কিন্তু তাত অসমীয়াভাষী ৯২,৯২৩জন, বাংলাভাষী ২,৭৯,১২০জন৷ কিয়? গোৱালপাৰা জিলাৰ লক্ষীপুৰত ২০০১ চনৰ লোকপিয়ল অনুসৰি হিন্দু ৪৪,৩৭৮জন আৰু মুছলমান ১,৭৭,৮২১জন৷ কিন্তু অসমীয়াভাষীৰ সংখ্যা ৮৯,৫৩১জন, বাংলাভাষী ১,১৪,০৭১জন৷ কামৰূপ জিলাৰ ছমৰীয়াত ২০০১ চনৰ লোকপিয়ল অনুসৰি, হিন্দু আছিল ১৭,৪৯৬জন আৰু মুছলমানৰ সংখ্যা ৮২,৩০৭জন৷ তাত মাথোঁ অসমীয়াভাষী ১৯,১৫৩জন। বাংলাভাষী ৮০,৬৪৮জন৷


এইবোৰে এটা স্পষ্টকৈ বুজাই দিয়ে অসমীয়া ভাষাৰ সুৰক্ষাদাতা হিচাপে পূৰ্ববংগীয় মূলৰ লোকক মিছা স্বীকৃতি এটা অসমীয়াই নিজৰ ভৰিতে কুঠাৰ মাৰিছে। ভাষা ৰক্ষকৰ ভাও দি এসময়ত ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ পোষকতা কৰা ভূমিৰ পৰা অহা লোকসকলে অসমত অসমীয়াভাষীৰ লগতে সকলো খিলঞ্জীয়া জাত-জনজাতিৰ ভৱিষ্যৎ নষ্ট কৰিব। সময় থাকোঁতে অসমৰ সকলোৱে এই কথাটো মানি লোৱা ভাল। সাধুবাদ তাকেই দিব লাগে যি ইয়াৰ বাবে যোগ্য। উদ্দেশ্যপ্ৰণোদিত প্ৰচাৰ আৰু মিছা কৃতিত্বৰে অসমীয়া ভাষাৰ ৰক্ষক হ’ব বিচৰাসকলৰ ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ যে লুকাই আছে, সেইটো ধুৰূপ।

14 views0 comments