অহা ১৬ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চল সেউজ সন্মিলনত ঘোষকৰ ৰূপত থাকিব শিলচৰ





অহা ১৬ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চল সেউজ সন্মিলনখনত ঘোষকৰ ৰূপত থাকিব শিলচৰ । তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া সেউজ সন্মিলনখনত আলোচ্য বিষয়বোৰৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল আৰু তাৰ নিকটৱৰ্তী জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰবোৰৰ বাবে বহনক্ষম উন্নয়ন আৰু সংৰক্ষণ ৰণনীতি, অঞ্চলটোৰ বনমন্ত্ৰীসকলৰ ঘূৰণীয়া মেজমেলৰ লগতে সেউজ কলা তথা সেউজ সংগীতৰ কার্যক্রমবোৰ নিহিত আছে । সন্মিলনখনৰ এই ষষ্ঠ সংস্কৰণৰ মূল বিষয়বস্তু হৈছে "কোভিডৰ পিছৰ সেউজকৰণ : আঞ্চলিক সহযোগ, উদ্ভাৱন আৰু উদ্যোগ" । সন্মিলনখনত কেন্দ্ৰীয় পৰিৱেশ ৰাজ্যমন্ত্ৰী অশ্বিনী চৌবেই ভাগ লোৱাৰ কথা আছে য'ত ম্যানমাৰ, ভূটান আৰু বাংলাদেশৰ প্ৰতিনিধিসকলে বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰিব । ৱিবগ্যোৰ এন ই ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত আৰু সংযুক্ত ৰাষ্ট্ৰ পৰিৱেশৰ দ্বাৰা সমৰ্থিত এই সন্মিলনখনত বিভিন্ন ষ্টলবোৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা অহা বহনক্ষম বস্তুবোৰ প্ৰদৰ্শন কৰা হ'ব । সাংঘাতিকধৰণে কমি অহা প্ৰাকৃতিক সম্পদৰ গুৰুত্বৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ এই সন্মিলনৰ এক আৰম্ভণি অনুষ্ঠান হিচাপে ৮ নৱেম্বৰৰ দিনা এক চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে । 'বৰাক উপত্যকা' খ্যাত অসমৰ দক্ষিণ অঞ্চলৰ ঐতিহ্য বিন্দুবোৰক আৰু প্ৰাকৃতিক পৰ্যটনক প্ৰচাৰ কৰাৰ লগতে বহনক্ষম উন্নয়নৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰাটো হৈছে এই ৰেলীৰ উদ্দেশ্য । ভাৰতীয় বিদেশ সেৱাৰ প্ৰাক্তন বিষয়া তথা সন্মিলনখনৰ উপদেষ্টা সমিতিৰ সদস্য চি পি মাৰাকে কয় যে মন্ত্ৰীসকলৰ ঘূৰণীয়া মেজমেলত বিভিন্ন উমৈহতীয়া সমস্যাসমূহ যেনে জলবায়ু পৰিৱৰ্তন, পশু প্ৰব্ৰজন, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমাবোৰত প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা তথা আন বহুতো বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব । যিহেতু 'সেউজ পুনৰুদ্ধাৰে' কেৱল জলবায়ুকেই নহয় মানৱ স্বাস্থ্য আৰু বিকাশত যোগাত্মক প্ৰভাৱ পেলায়, সেয়ে সন্মিলনখনে #BuildBackBetter-ক কোভিডৰ পাছৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক মন্ত্ৰ হিচাপে মানে বুলি মাৰাকে উল্লেখ কৰে ।

5 views0 comments