আইএমডিটিৰ স্ৰষ্টা আব্দুল মুহিব মজুমদাৰৰ মৃত্যু




অসমৰ প্ৰাক্তন মন্ত্ৰী তথা বিশিষ্ট আইনজীৱী আব্দুল মুহিব মজুমদাৰৰ বুধবাৰে পুৱা ৮-৪৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। সদ্যপ্ৰয়াত মজুমদাৰ আই এম ডি টিৰ পৰিচিত আছিল। পাছত সৰ্বানন্দ সোণোৱালে আদালতত প্ৰত্যাহ্বান জনাই অবৈধ আইন চিৰকাললৈ খাৰিজ কৰোৱায়। আইনখনক অসমৰ পৰা অবৈধ বিদেশী নাগৰিকৰ বহিষ্কৰণত হেঙাৰ হিচাপে গণ্য কৰা হৈছিল।


আব্দুল মুহিব মজুমদাৰক প্ৰায় এমাহ পূৰ্বে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল। বাৰ্ধক্যজনিত ৰোগৰ জটিলতাত ভুগি থকা মজুমদাৰৰ কালি স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ।


আব্দুল মুহিব মজুমদাৰৰ ১৯৩২ চনৰ ২০ আগষ্টত হাইলাকান্দিত জন্ম হয়। তেওঁ হাইলাকান্দিৰে ভিক্টোৰিয়া মেমৰিয়েল স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি কটন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা এম এ আৰু এল এল বি সম্পূৰ্ণ কৰে।


আব্দুল মুহিব মজুমদাৰ বহু বিতৰ্কিত আই এম ডি টিৰ প্ৰস্তুতকৰ্তা আছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয় আৰু দেশৰ সৰ্বোচ্চ আদালতৰ জ্যেষ্ঠ অধিবক্তা হিচাপে পৰিচিত আছিল। মজুমদাৰে য় প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, আগশাৰীৰ আইনী কৰ্তৃপক্ষ জগদীশ মেধিৰ সৈতে কাম কৰিছিল।


সদ্যপ্ৰয়াত মজুমদাৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় (১৯৫৬-১৯৬১) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ত (১৯৬১-১৯৮০) অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ প্ৰবক্তা হিচাপে চাকৰি কৰিছিল। ১৯৮০ চনৰ পৰা ১৯৮৩ চনলৈকে অসমৰ এডভোকেট জেনেৰেল আৰু পৰৱৰ্তীকালত অৰুণাচল প্ৰদেশত ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ এডভোকেট জেনেৰেল হিচাপে কাম কৰিছিল।



আব্দুল মুহিব মজুমদাৰে ১৯৮৩ চনৰ পৰা ১৯৯১ চনলৈ, ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ আৰু ২০১১ চনৰ পৰা ২০১৬ চনলৈ বিধায়ক হিচাপে চাৰিবাৰ হাইলাকান্দি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। হিতেশ্বৰ শইকীয়াৰ প্ৰথমটো কাৰ্যকালত তেওঁ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল। মজুমদাৰে পাছত ইউনাইটেড পিপলছ পাৰ্টী অৱ আছাম নামৰ এটা নতুন দল গঠন কৰে। ইয়াৰ পাছত তেওঁ প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অগপ নেতৃত্বাধীন মিত্ৰজোঁটত চামিল হৈ কেবিনেট মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। পাছলৈ দলটো ভাঙি দি সমাজবাদী পাৰ্টীৰ ৰাজ্যিক সভাপতি হয়। শেষত তেওঁ পুনৰ কংগ্ৰেছলৈ ঘূৰি যায়।

6 views0 comments