আকৌ পৰাজয় : ইউডিএফৰে যুঁজ-বাগৰ কৰি মুছলমানৰ দল হৈহে থাকিব নেকি কংগ্ৰেছ




নেতৃত্বৰ সলনি, এআইইউডিএফৰ সৈতে মিত্ৰতা ভংগ, ৰাইজৰ দলৰ মিত্ৰতা নাকচ, অজাপৰে মিত্ৰতা, দাম বৃদ্ধিৰ প্ৰতিবাদত আন্দোলন, গৰুখুঁটিত উচ্ছেদিতলৈ সমৰ্থন আদি কোনো কৌশলে কাম নিদিলে। প্ৰায় ছমাহ পূৰ্বে অনুষ্ঠিত অসম বিধানসভাৰ নিৰ্বাচনতকৈও উপ-নিৰ্বাচনত শোচনীয় পৰাজয় ঘটিল কংগ্ৰেছৰ। পাঁচটা সমষ্টিৰ এটাতো চাপ ৰাখিব নোৱাৰিলে দেশৰ সবাতকৈ প্ৰাচীন ৰাজনৈতিক দলটোৰ। থাওৰা আৰু মৰিয়নিত দলটোৰ বিধায়ক আছিল। উপ-নিৰ্বাচনত দুয়োটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীদ্বয়ে তৃতীয় স্থানহে লাভ কৰে। দলটোৱে মিত্ৰতাৰ প্ৰস্তাৱ নাকচ কৰা ৰাইজৰ দলেহে সমষ্টি দুটাত অধিক সাফল্য লাভ কৰে। বিজেপিৰ সৈতে ব্যৱধান বহু হ'লেও দুয়োটা সমষ্টিত দলটোৰ প্ৰাৰ্থী দুজনৰ দ্বিতীয়। আনহাতে, গোসাঁইগাঁও আৰু তামুলপুৰত কংগ্ৰেছৰ অৱস্থা অধিক শোচনীয়। ভৱানীপুৰত পূৰ্বৰ মিত্ৰ এআইইউডিএফক পাছলৈ ঠেলি দ্বিতীয় স্থান লাভ কৰে।


উল্লেখ্য যে উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে এআইইউডিএফৰ সৈতে মিত্ৰতা চ্ছেদ কৰিছিল। উজনিত লাভান্বিত হ'ব বুলি আশা পালি মিত্ৰতা ভংগ কৰা হৈছিল। কিন্তু ফলাফল ওলোটা হ'ল। উজনিৰ দুয়োটা সমষ্টিত কংগ্ৰেছৰ অৱস্থা অধিক শোচনীয় হ'ল। ৰাইজৰ দলৰ মিত্ৰতাৰ প্ৰস্তাৱ নাকচ কৰি দুয়োটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ শক্তিও হেৰুৱাই পেলালে।



এআইইউডিএফৰে মিত্ৰতা ভংগৰ কুফল পালে ভৱানীপুৰ আৰু গোসাঁইগাঁৱত। সমষ্টি দুটাত মিত্ৰজোঁটক তীব্ৰ প্ৰত্যাহ্বান জনাব পৰা স্থানৰ পৰা শক্তিহীন অৱস্থালৈ গ'ল কংগ্ৰেছ। উজনিৰ সমষ্টি দুটা হাতত ৰাখিব পাৰিব বুলি ভুল অংক কৰি উপ-নিৰ্বাচনত কংগ্ৰেছৰ অভূতপূৰ্ব দুৰ্গতিহে হ'ল। দলটোৰ ৰিপুণ বৰাৰ ঠাইত ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিও একো নাপালে। দুৰ্বল নেতৃত্ব, ৰাজনৈতিক বিশ্লেষণ আৰু অনুধাৱনত বাৰে বাৰে ভুল আদিৰ কাৰণে কংগ্ৰেছৰ পৰাজয়ৰ ধাৰা অব্যাহত থাকিল। উপ-নিৰ্বাচনে কংগ্ৰেছীৰ আত্মবিশ্বাসত এনে আঘাত হনাৰ সম্ভাৱনা আছে যে সমাগত দিনত অসমত দলটোৰ খহনীয়া তীব্ৰতৰ হৈ পৰিব। দলটোক একত্ৰ কৰি ৰখাত নেতৃত্বই কঠোৰ শ্ৰম কৰিবলগীয়া হ'ব। দলটোৰ অস্তিত্ব মুছলমানৰ মাজতহে সীমাবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে। সেয়াও এআইইউডিএফৰ সৈতে যুঁজ-বাগৰ কৰি।

16 views0 comments