আকাশ চৌধুৰীৰ ওলোটা খৰ- সন্তানৰ শপত, মই হত্যা কৰা নাই




গুৱাহাটীৰ চাঞ্চল্যকৰ বৃদ্ধ দম্পতীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আকাশ চৌধুৰীয়ে ওলোটা খৰ মাৰিলে। সোমবাৰে আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰোৱা সময়ত সাংবাদিকৰ আগত আকাশে কয়- ‘সন্তানৰ নামত শপত খাই কৈছোঁ, মই হত্যা কৰা নাই৷ আৰক্ষীৰ কোবৰ বাবেহে মই হত্যা কৰা বুলি কৈছোঁ৷ মোক ইমান মাৰিছে যে ভালদৰে খোজেই কাঢ়িব পৰা নাই৷’ আকাশক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল।



উল্লেখ্য যে যোৱা ২৬ অক্টোবৰৰ নিশা শুই থকা অৱস্থাতে নিজ বাসগৃহত বৃদ্ধ দম্পতী ননীগোপাল বৰুৱা আৰু মিনা বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ অকলশৰীয়াকৈ বাস কৰা অশীতিপৰ বৃদ্ধ দম্পতীক একেটা চৌহদতে বাস কৰা আকাশ চৌধুৰী আৰু তেওঁৰ পত্নীয়ে মিলি হত্যা কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে পৰ্যাপ্ত তথ্য-প্ৰমাণৰ আধাৰত দুয়োকে গ্ৰেপ্তাৰ কৰে বুলি সদৰী কৰাৰ লগতে আকাশে জেৰাত হত্যাৰ সৈ কঢ়া বুলিও জনোৱা হয়। আৰক্ষীৰ দাবীৰ বিপৰীতে আদালতৰ বাহিৰত আকাশ চৌধুৰীৰ বক্তব্য কিমান সত্য, তাৰ বাবে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হোৱালৈ অপেক্ষা কৰিব লাগিব।

3 views0 comments