আঘাতেও মানসিক দৃঢ়তাক আহত কৰিব নোৱাৰিলে এলগাৰক, ইতিহাস ৰচিলে




জোহান্সবার্গত ইতিহাস ৰচনাৰ লক্ষ্যৰে ভাৰতীয় দলটো নামিছিল । ইতিহাস ৰচিত নোহোৱাকৈ নাথাকিল। হ'ল। কিন্তু সেইটো ভাৰতৰ পক্ষ নহয়। দক্ষিণ আফ্রিকাৰ ভূমিত প্রথম টেষ্ট শৃংখলা জয়ৰ স্বপ্নটো ৱাণ্ডাৰাৰ্ছত পূৰণ নহ'ল। ইয়াৰ বিপৰীতে ৱাণ্ডাৰাৰ্ছত ভাৰতে প্ৰথমবাৰ পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়।



বৃহস্পতিবাৰে দক্ষিণ আফ্রিকা যেতিয়া জয়ৰ পৰা মাত্ৰ কেইটামান ৰান দূৰত আছিল, টিভিৰ পৰ্দাত ৰাহুল দ্রাবিড়ৰ মুখখন দেখা গৈছিল। বিষণ্ণ, শূন্য দৃষ্টিয়ে খেলা কৰিছিল তেওঁৰ চকু-মুখে। ৰাহুলে হয়তো বুজি উঠিছিল, খেলপথাৰৰ বাহিৰত বহি ভাৰতীয় ক্রিকেটক নিয়ন্ত্রণ কৰা কিমান যে কঠিন। চেঞ্চুৰীয়নত ভাৰতে প্রথম টেষ্ট জয় কৰাৰ পিছত দক্ষিণ আফ্রিকাৰ এই দলটাক কোনোৱে গুৰুত্ব দিয়া নাই। ভাৰতে জয়ৰ বাবে ২৪০ ৰানৰ লক্ষ্য দিওঁতে অনেকে ধৰি লৈছিল, মেচখন কে এল ৰাহুলৰ হাতৰ মুঠিত । ভাৰতেই জিকিব। ৱাণ্ডাৰাৰ্ছত চতুর্থ আৰু পঞ্চম দিনা বেটিং অতি কঠিন। কিন্তু ক্রিকেটবিশ্বক চমক দি এদিন বাকী থাকোতে সাত উইকেটত জয়ী হৈ শৃংখলা ১-১ কৰি দিলে দক্ষিণ আফ্রিকাই।


ভাৰতক কোনটো বিন্দুত অতিক্ৰম কৰি গ'ল মেণ্ডেলাৰ দেশৰ দলটোৱে? উত্তৰটো সহজ। পুৰণি আমেলৰ ৰঙা বলৰ ক্রিকেট খেলি টেষ্টখন ভাৰতৰ হাতৰ পৰাসআঁজুৰি লৈ গ'ল দক্ষিণ আফ্রিকাই। আদর্শ ৰঙা বলৰ ক্রিকেট কিদৰ্ খেলিব লাগে, অধিনায়ক ডিন এলগাৰে দেখুৱাই দিলে।


ইয়াৰ পূৰ্বে ১৯৭৬ চনত পোর্ট অৱ স্পেইনত ভাৰত বনাম ৱেষ্ট ইন্ডিজৰ খেলখনৰ কথা অলপ কওঁ। খেলখনত ৪০৩ ৰানৰ অনুসৰণ কৰি ভাৰত জয়ী হৈছিল। চেঞ্চুৰী কৰিছিল গুণ্ডাপ্পা বিশ্বনাথ। মেচখনত মাইকেল হোল্ডিংহঁতৰ বলত বাৰে বাৰে আহত হৈছিল বিশ্বনাথ-মোহিন্দৰ। বিশ্বনাথৰ হাতত লগা বলত আঙুলি ফুলি গৈছিল। সেই অৱস্থাত চেঞ্চুৰী কৰি ৰান আউট হৈ পেভেলিয়নলৈ উভতিছিল বিশ্বনাথ। ড্রেছিংৰুমলৈ গৈ গ্লোভছ খুলিব নোৱাৰা হৈছিল। ইমানেই বেয়াকৈ আঙুলি ফুলিছিল। কেঁচিৰে গ্লোভছ খাটিবলগীয়া হৈছিল। এলগাৰো ক্ষত-বিক্ষত হৈছে। পিঠি, বুক, হাত, মূৰ— সকলোতে বল লাগিছে। কিন্তু হাৰ মনা নাই। ফান ডাৰ ডুছেনৰ সৈতে ৮২ ৰানৰ যুটিটোৱে খেলখনৰ ভাগ্য নিৰ্ণয় কৰি দিয়ে। ডুছেন এজন আগ্রাসী বেটছমেন। কিন্তু তেওঁৰ বেটিঙত অধিনায়কৰ খেলাৰ ছাপ পৰিছিল। শেষ পর্যন্ত টেষ্টখনত জয়ী হৈহে পেভেলিয়নলৈ উভতিল এলগাৰ (১৮৮ বলত অপৰাজিত ৯৬)। ৱাণ্ডাৰাৰ্ছত আৰু বুজাই দিলে, টেষ্ট ক্রিকেটই হৈছে এজনৰ চৰিত্র তৈয়াৰ কৰাৰ আদর্শ মঞ্চ।


ভাৰতীয় দলত অধিনায়ক বিৰাট কোহলিৰ অভাৰ পৰিলক্ষিত হৈছিল। অধিনায়ক হিচাপে ৰাহুল নিষ্প্রভ হৈ পৰিছিল। কোহলি থাকিলে দলটোক কঠিন পৰিস্থিতিতো উজ্জীৱিত কৰি ৰাখে। সেইটো ৰাহুলৰ ক্ষেত্রত দেখা নগ'ল। এনেহেন মেচত কোহলিৰ বৰ দৰকাৰ। ফিল্ডিং সজোৱাতো প্রশ্ন থাকি গৈছে। এলগাৰে বেটিং কৰি থকা সময়ত ডিপ স্কোয়েৰলেগত ফিল্ডাৰ ৰখাৰ প্ৰয়োজন নাছিল। এলগাৰে হুক বা পুল শ্বট নেখেলে। বৰং ফিল্ডাৰ দূৰৈত থকাত বল ঠেলি দি খুচুৰা ৰান সহজে ল'বলৈ সুবিধা পাইছিল।


বৰষুণৰ বাবে চাহবিৰতিৰ পিছত খেলা আৰম্ভ হ'ল। ভবা হৈছিল, যশপ্রীত বুমৰা-মহম্মদ চামিয়ে পিটচৰ পৰা সুবিধা আদায় কৰিব পাৰিব। বল ছুইং কৰিছিল, কিন্তু দক্ষিণ আফ্রিকাৰ বেটছমেনসকলে অফষ্টাম্পৰ বাহিৰৰ বলত কোনো ধৰণৰ ৰিস্ক নল'লে। আউটফিল্ড সেমেকা থকাত বল তিতিছিল বাবে অশ্বিনক কাংক্ষিত ধৰণে কামত লগোৱাটো সম্ভৱ নহ'ল। প্রথম ইনিংছৰ নায়ক শার্দূল ঠাকুৰক অলপ আগেয়ে বোলিং আক্রমণত অনাৰ অৱকাশ আছিল। এলগাৰে খেলখনত চৰিত্ৰৰ প্ৰদৰ্শন কৰি খেলখন ভাৰতৰ পৰা লৈ গ'ল।


এই পিচে অসমান বাউন্সের একটা আতঙ্ক ছিল ঠিকই, কিন্তু ‘হেভি রোলার’ কাজে লাগিয়ে পিচের আলগা ভাবটা অনেকটা চেপে রাখা যাচ্ছিল। দক্ষিণ আফ্রিকাও সেই কাজটা করে ‘হেভি রোলার’ কাজে লাগিয়ে। উইকেটে একটা স্পট তৈরি হয়েছিল, কিন্তু সেটা ব্যাটারের থেকে সাত-আট গজ দূরে। ফলে অশ্বিনও সেই ‘স্পট’ কাজে লাগাতে পারল না।


কঠিন সঙ্কল্পের সামনে এ দিন হেরে গেল প্রতিভাবান একটা দল।     

5 views0 comments