আজি উন্মোচন হ'ব জাৰ্ণী অফ এ মিউজিছিয়ান




চানমাৰীত চলি থকা উত্তৰ পূব গ্ৰন্থমেলাত আজি উন্মোচন হ'ব জাৰ্ণী অফ এ মিউজিচিয়ান নামৰ কিতাপখন । পাপু লেফটিবেছ ( Papu leftybass) নামেৰে মিউজিক ইণ্ড্ৰাটীত প্ৰখ্যাত হোৱা নগাঁও জিলাৰ চামগুৰিৰ পাপু লেফ্টতিবেছৰ জীৱনৰ প্ৰতিটো ঘাট প্ৰতিঘাটৰ বৰ্ণিল ঘটনা এই কিতাপখনত সংযুক্ত কৰা হৈছে ।লকডাউনৰ সময়ত মুম্বাই ৰ পৰা ঘৰ লৈ উভতি আহোতে এদিন তেওৰ চকুত পৰিল লাইফ অফ এ ড্ৰাইভাৰ নামৰ কিতাপখন । কিতাপখনৰ প্ৰতি তেওঁ ইমানেই আকৃষ্ট হৈছিল যে মাত্ৰ দুদিনতেই কিতাপখন পঢ়ি শেষ কৰি নিজৰ জীৱনৰ তিতা মিঠা অনুভৱবোৰক লিখিবলৈ মন মেলিলে । প্ৰথমে ফেচবুকৰ পেজত ধাৰাবাহিক ভাৱে লিখি গৈছিল যদিও পিছত বিভিন্ন জনৰ উৎসাহ উদ্দীপনা পাই তেওঁ কিতাপ ৰ ৰূপ দিয়াৰ কথা ভাবিলে । সেই সপোন আজি দিঠক হোৱাৰ পথত । তেঁও আশা কৰিছে এই কিতাপখনক সকলোৱে আদৰি লব ।অসমৰ নগাঁও ৰ পৰা মুম্বাই ৰ যাত্ৰা এই জন শিল্পী ৰ য়ে কিতাপখনৰ জৰিয়তে লিখে প্ৰতিজন মিউজিচিয়ান ৰ জীৱনৰ জীৱনবৃত্ত।

আজি বিয়লি ৫ বজাত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে এই কিতাপ খন উন্মোচন কৰিব ।

15 views0 comments