আজি ভাৰত ৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ দশম মৃত্যু বাৰ্ষিকী




কোনো এজন ব্যক্তিক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে স্বতঃস্ফুৰ্ত ভাৱে লাখে লাখে মানুহ ওলাই অহা আৰু জনসমূদ্ৰৰ বাবেই অন্তেষ্টিক্ৰিয়াৰ সময় পিছুৱাই দিবলগীয়া হোৱা- এজন মানুহৰ জনপ্ৰিয়তাৰ ইয়াতকৈ ডাঙৰ জোখ একো হ'ব নোৱাৰে । ড° ভূপেন হাজৰিকা আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, সাহিত্যিক, গায়ক, চলচিত্ৰ নিৰ্মাতা আৰু পৰিচালক । বিশেষকৈ ড° ভূপেন হাজৰিকাই নিজে গীত ৰচনা কৰি তাক নিজৰ সুমুধুৰ কণ্ঠৰে সংঙ্গীত প্ৰেমী ৰাইজলৈ আগবঢ়াইছিল । ড° হাজৰিকাৰ গীতত পৰিস্ফুট হৈছিল দেশৰ সামগ্ৰীক পৰিস্থিতি, সমাজ, ৰাজনীতি, সংস্কৃতি, দৈনিক সন্মোখীন হোৱা সমস্যাৰাজি, দেশ-প্ৰেম, মানৱ-প্ৰেম আদি । উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা মানৱতাবাদী শিল্পী ড° হাজৰিকা অসম, পশ্চিম-বংগ তথা সমগ্ৰ ভাৰতৰ লগতে বাংলাদেশতো অধিক জনপ্ৰিয় ব্যক্তি আছিল ।

আহিবলগীয়া সময়ত সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱৰ গীতৰ কথাই অসমীয়াক সময়ে সময়ে অস্তিত্বৰ সংকটৰ মোকাবিলা কৰাত সাহস দি থাকিব । সাংবাদিকতা, গদ্য ৰচনা, চিনেমা, শিক্ষকতা আদি বিভিন্ন ক্ষেত্ৰত একেলগে দক্ষতা প্ৰকাশ কৰা, অসমৰ লগতে দেশ বিদেশৰ মানুহে শ্ৰদ্ধা কৰা ভূপেন হাজৰিকাৰ বাদে দ্বিতীয় এজন ওলোৱাটো টান । এই সাগৰখনক সুঁতি হৈ থকা অৱস্থাতে চিনি পাইছিল অসমৰ কেইগৰাকীমান প্ৰবাদ পুৰুষে । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নটসূৰ্য ফণী শৰ্মাৰ পথ প্ৰদৰ্শনত এই প্ৰাণচঞ্চল সুঁতিটো গভীৰ সাগৰত পৰিণত হৈ পৰিছিল ।

অতি কম বয়সৰ পৰাই দেশ প্ৰেম মূলক গীতেৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হোৱা ড° হাজৰিকাই প্ৰথমে অসমীয়া ভাষাত গীতৰ শৰাঁই আগবঢ়াইছিল যদিও পিছলৈ বাংলা, হিন্দী, ইংৰাজী ভাষাৰ লগতে একাধিক স্থানীয় ভাষাতো গীত আগবঢ়ায় ।

9 views0 comments