আজি মুকলি দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেতু





গুৱাহাটীবাসীৰ বাবে আজি দীপাৱলীৰ এটা বিশেষ উপহাৰ দিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি মুকলি হ'ব দিছপুৰ ছুপাৰ মাৰ্কেটত নৱনিৰ্মিত উৰণীয়া সেতুখন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজেই মুকলি কৰিব আকৰ্ষণীয় উৰণীয়া সেতুখন।


উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য প্ৰায় ডেৰ কিলোমিটাৰ। ইয়াক নিৰ্মাণত প্ৰায় ১২৭ কোটি টকা ব্যয় হৈছে। লক্ষণীয় কথাটো হ'ল, সেতুখন নিৰ্ধাৰিত ৩ বছৰৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈছে। এই সময়ছোৱাত 'কা' আন্দোলন সৃষ্টি কৰা বাধা আৰু ধ্বংসলীলাও আছে।

2 views0 comments