আজি সমগ্ৰ অসমবাসীয়ে উদযাপন কৰিব অসম দিৱস




২ ডিচেম্বৰ প্ৰতিজন অসমীয়া ৰ কাৰনে এক বিশেষ দিন । এই দিনটোতেই প্ৰতিজন অসমীয়া ই সশ্ৰদ্ধ প্ৰণিপাত জনাব চাওলুঙ-ছ্যু- কাফাক । অসম দিৱস হল অসমৰ পিতৃস্বৰূপ চাওলুঙ-ছ্যু- কাফাৰ স্মৃতিত তেখেত আৰু আহোমসকল সৌমাৰত উপস্থিত হোৱা এটা বিশেষ দিন । সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে।অতি বিচক্ষণতাৰে আহোম ৰজা চ্যুকাফাই ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহৰ একত্ৰিত কৰি ‘‘অসম’’ আৰু ‘‘অসমীয়া জাতি’’ গঢ়ি তুলিছিল। সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ তাও ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত অৰিহনা যোগাইছিল। তেখেতৰে মহৎ আদৰ্শ গ্ৰহণ কৰি আহোমসকলে ছশ বছৰ শাসন কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা দেৱে টুইটাৰ ত যুগ মনীষী চাওলুঙ-ছ্যু-কাফাক সশ্ৰদ্ধ প্ৰণিপাত জনাই লিখে," যুগপুৰুষ চাওলুঙ-ছ্যু-কাফাই অসমীয়া জাতিসত্তাত প্ৰাণ প্ৰতিষ্ঠাৰে অংকুৰিত কৰিছিল এটি মহাজাতিৰ বীজ৷ ঐক্য আৰু সংহতিৰ ডোলেৰে বৰ অসমক বান্ধি ছ্যু-কাফাই নিৰ্মাণ কৰিছিল বৰ অসমৰ ভেটি। আজি অসম দিৱসত অসমৰ জাতীয় জীৱনৰ অন্যতম স্পন্দন, যুগ-মনীষী চাওলুঙ-ছ্যু-কাফাক জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত"৷

2 views0 comments