আজি ১৯ গৰাকীকৈ ব্যক্তিক অসম চৰকাৰে প্ৰদান কৰিব অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা



সোমবাৰৰ দিনটোত ১৯ গৰাকী ব্যক্তিক সন্মানিত কৰা হ'ব অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটাৰে। অসম চৰকাৰে সমাজলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ১৯ গৰাকীকৈ ব্যক্তিক প্ৰদান কৰিব আজি এই বঁটা। গুৱাহাটীত প্ৰদান কৰা হ'ব সন্মানীয় ১৯ গৰাকীকৈ ব্যক্তিক এই বঁটা। উল্লেখযোগ্য যে অসম গৌৰৱ বঁটা হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা। ৰাজ্য চৰকাৰে আজিৰ দিনটোত উদ্যোগপতি আৰু সমাজসেৱক ৰতন টাটাকো অসম বৈভৱ বঁটা প্ৰদান কৰিব। অৱশ্যে কোভিড-19 পৰিস্থিতিৰ বাবে টাটাই ব্যক্তিগতভাৱে অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিব। তেওঁৰ প্ৰতিনিধিয়ে এটা কাৰ্যসূচীৰ সময়ত এই বঁটা গ্ৰহণ কৰিব। অসম সৌৰভ প্ৰদান কৰা হ'ব অধ্যাপক কমলেন্দু দেৱ ক্ৰোৰী, ড০ লক্ষ্মণন এছ, অধ্যাপক দীপক চান্দ জৈন, লাভলিনা বৰগোঁহাই আৰু নীল পৱন বৰুৱাক। ইফালে মুনিন্দ্ৰ নাথ নগেটি, মনোজ কুমাৰ বসুমতাৰী, হেমোপ্ৰভা চুটিয়া, ধৰণীধৰ বড়ো, ড০ বসন্ত নাৰায়ণ, খোৰচিং তেৰাং, নমিতা কলিতা, কৌশিক বৰাহ, ববি জ্যোতি গোগোই, আকাশ জ্যোতি গোগোই, ড০ আচিফ, কলম বড়োপন আৰু ড০ আচিফ ইকবাল বড়োপনক প্ৰদান কৰা হ'ব অসম গৌৰৱ বঁটা। এই অসম গৌৰৱ বঁটাত থাকিব ৪ লাখ টকাৰ নগদ পুৰস্কাৰ। বঁটা লাভ কৰাসকলে ৩ লাখ টকাৰ চৰকাৰী ব্যয়ত চিকিৎসাও লাভ কৰিব।অহা বছৰৰ পৰা ২ ডিচেম্বৰত "অসম দিৱস" উপলক্ষে প্ৰতি বছৰে অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা প্ৰদান কৰা হ'ব।

0 views0 comments