আজি ২৬ নৱেম্বৰ, এক অভিশপ্ত দিনৰ বৰ্ষপূৰ্তি





আজি ২৬ নৱেম্বৰ । সন্ত্ৰাসবাদে পোৰা ছাই কৰি পেলোৱা এটা দিন । ২০০৮ চনৰ আজি দিনটোতেই ১০ টাকৈ নৃশংস আতংকবাদীয়ে মুম্বাইত ভয়াবহ হত্যালীলাৰ সূচনা কৰিছিল আৰু মানৱতাক ধ্বংসস্তূপত পৰিণত কৰিছিল । এই ঘটনাত বিদেশী লোককে ধৰি ১৬৬ জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল । ভাৰতৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন তুলিব পৰা এনে আক্ৰমণৰ পিছত সামুদ্ৰিক সুৰক্ষাৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী সলনি হৈ গৈছিল । সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ এই আক্ৰমণৰ আৰম্ভণি হৈছিল সামুদ্ৰিক পথেৰে । ২৩ নৱেম্বৰৰ নিশা সন্ত্ৰাসবাদীৰ দলটোৱে ভাৰতৰ মাছধৰা জাহাজ এম ভি কুৱেৰক দখল কৰিছিল আৰু মুম্বাইৰ কাষ চপাৰ লগে লগে তেওঁলোকে জাহাজৰ কেপ্টেইন অমৰচান্দ ছোলংকিক মাৰি পেলাইছিল । তাৰ পিছত তেওঁলোকে নিজৰ নাৱেৰে গৈ ২৬ নৱেম্বৰৰ নিশা ৮:১৫ বজাত গ্ৰেণেড, এ কে ৪৭ ৰাইফল, জিপিএছ ছেট, মোবাইল ছেট আদি বিভিন্ন সামগ্ৰীৰে সৈতে মুম্বাইৰ মাটিত ভৰি থৈছিল আৰু মুম্বাইৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছত প্ৰথম আক্ৰমণ কৰিছিল । এই আক্ৰমণত আজমল কাছৱ আৰু ইছমাইল খান নামৰ দুটা সন্ত্ৰাসবাদীয়ে ৫৮ জন লোকক হত্যা কৰিছিল । এই আক্ৰমণৰ ভিতৰত আটাইতকৈ বেছি মানুহৰ মনত ৰৈ যোৱা আক্ৰমণটো হৈছিল মুম্বাইৰ প্ৰখ্যাত তাজ মহল হোটেলত । চাৰিটাকৈ সন্ত্ৰাসবাদীয়ে প্ৰায় ৬০ ঘণ্টা ধৰি হোটেলখন আৰু তাৰ সকলো মানুহক বন্দী কৰি ৰাখিছিল । ইয়াৰোপৰি কামা হস্পিতাল আৰু ট্ৰিডেন্ট হোটেলতো হত্যালীলা চলিছিল । এনে ইমান জঘন্য সময়ক ভাৰতবাসীয়ে কাহানিও পাহৰিব নোৱাৰিব ।

3 views0 comments