আজিৰেই পৰা চলিব লামডিং সংৰক্ষিত বনাঞ্চলত অসম চৰকাৰৰ উৎখাত অভিযান





গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে হোজাই জিলাৰ লামডিং অঞ্চলৰ অন্তৰ্গত লামডিং সংৰক্ষিত বনাঞ্চলত ৮ নৱেম্বৰ তাৰিখ অৰ্থাৎ আজিৰ পৰা অসম চৰকাৰে এক বৃহৎ উৎখাত অভিযান আৰম্ভ কৰিব । হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ পি আই এলৰ ভিত্তিত উচ্চ ন্যায়ালয়ে যোৱা ৩০ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰক সংৰক্ষিত বনাঞ্চলখনৰ পৰা অনুপ্ৰৱেশকাৰীসকলক উৎখাত কৰিবলৈ নিৰ্দেশ দিছিল । বনৰীয়া হাতী তথা অন্যান্য বন্য জীৱজন্তুৰ বাবে বিখ্যাত বনাঞ্চলটোৰ প্ৰায় ১৪০০ হেক্টৰ মাটিত বেদখলকাৰী বহি গৈছে বুলি ৰাজ্য চৰকাৰে ন্যায়ালয়ক তথ্য দিয়াৰ পাছত ন্যায়ালয়ে মুঠ তিনিটা পৰ্যায়ত এই উৎখাত অভিযান চলাবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল । সেই অনুসৰি প্ৰথম পৰ্যায়ত অক্টোবৰ-নৱেম্বৰৰ ভিতৰত ৫ দিনীয়া উৎখাত অভিযান চলিব যিটো ৮ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব । একেদৰে দ্বিতীয়টো উৎখাত অভিযান নৱেম্বৰ-ডিচেম্বৰত চলিব আৰু তৃতীয় তথা অন্তিমটো অভিযান ২০২২ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰীত চলিব । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা মতে বনাঞ্চলটোৰ নখুটি অঞ্চলৰ পৰা এই অভিযান আৰম্ভ হ'ব । জানিব পৰামতে ২০০৭-ৰ পৰা ২০১৫ চনৰ ভিতৰত ২০০০-তকৈও অধিক পৰিয়াল সংৰক্ষিত বনাঞ্চলত বসতি স্থাপন কৰিছিল আৰু আদা আৰু হালধিৰ খেতি কৰা আৰম্ভ কৰিছিল । তেওঁলোকে বহু গাঁও নিৰ্মাণ কৰি বেদখল বঢ়াই গৈ আছে আৰু লক্ষণীয়ভাৱে তেওঁলোকে এতিয়া নিৰ্বাচন ক্ষেত্ৰৰ ভোটদাতা হৈ লামডিং নিৰ্বাচন ক্ষেত্ৰৰ চেহেৰাই সলাই পেলাইছে । উৎখাত অভিযানত সম্ভাৱ্য অভাৱনীয় ঘটনাবোৰক বাধা দিবলৈ ইতিমধ্যে অঞ্চলটোত প্ৰায় ২০০০ জন আৰক্ষী আৰু পেৰা-মিলিটেৰীক নিয়োগ কৰা হৈছে ।

5 views0 comments