আজিৰে পৰা আৰম্ভ : জোনবিল মেলাৰ বিষয়ে জানো আহক



আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। মেলাখন আন দহখন মেলাৰ দৰে সাধাৰণ মেলা নহয়। ই যথাৰ্থতে এখন অসাধাৰণ, অতুল্য আৰু অনন্য মেলা। বিশ্বৰ লোক-সংস্কৃতিমূলক অনুষ্ঠানত অসমে বুকু ফিন্দাই ক’ব পৰাকৈ সমৃদ্ধিশালী জোনবিলা। আজিৰ দিনত বিশ্বৰ বুকুত এনে ধৰণৰ মেলা পাবলৈ কঠিন যাৰ ভেটিটো বিনিময় প্ৰথাৰ ওপৰত প্ৰতিষ্ঠিত। আধুনিক পৃথিৱীত বিনিময় প্ৰথাৰ আৱশ্যকতা কেতিয়াবাই অন্ত পৰিছে। লগতে সামাজিক অথবা ৰাজহুৱা জীৱনৰ পৰাও ইয়াৰ গুৰুত্ব হেৰাই গৈছে। জনসাধাৰণৰ উছৱ-পাৰ্বণ, পৰম্পৰাৰ পৰাও ইয়াৰ বিদায় ঘটিছে। কিন্তু জোনবিল মেলা ব্যতিক্ৰম। ইয়াত যুগৰ প্ৰাচীন পৰম্পৰা আজিও প্ৰভাৱশালী ৰূপত বিদ্যমান। ইচ্ছা কৰিলে প্ৰথাটোক তিৱাসকলে বিদায় জনাব পাৰিলেহেঁতেন। কিন্তু সেয়া নকৰিলে। আধুনিক যুগৰ অৰ্থনীতিয়ে গ্ৰহণ নকৰিলেও তিৱাসকলে শিপাডাল উভালি পেলাই নিদিলে। বৰং ইয়াক অমূল্য সম্পদৰ দৰে লালন-পালন কৰি ৰাখিলে। সেয়ে আজি জেনবিল মেলা অসমৰ অন্যতম পৰিচয় আৰু ঐতিহ্য। জোনবিলা মেলাত তাহানিৰ বিনিময় প্ৰথাই প্ৰাণ পাই উঠাৰ লগতে পাহাৰ আৰু ভৈয়ামৰ জনসাধাৰণৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল এনেদেৰ উদ্ভাসিত হয় যে দেখোঁতাৰ চকু বিস্ময়ত থৰ হৈ পৰে। মেলাখনে তিৱাসকলৰ বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰো নিৰ্মল প্ৰকাশ ঘটায়। লগতে প্ৰতিজন অসমীয়াক তিৱাৰ কৃষ্টি-সংস্কৃতিক লৈ গৌৰৱ কৰাৰ বিৰল ক্ষণ আনি দিয়ে। প্ৰতিজন অসমীয়া আৱেগবিহ্বল হৈ পৰে।

জোনবিল মেলাৰ গভীৰলৈ যোৱাৰ পূ্ৰ্বে যাব লাগিব অসমৰ এখন পুৰণি ৰাজ্যলৈ। আজি ৰাজ্যখনৰ অস্তিত্ব নাই যদিও ৰাজবংশ তথা ৰাজবংশটোৰ গৰিমা কিন্তু হেৰাই যোৱা নাই। তিৱাসকলে হেৰাই যাবলৈ দিয়া নাই। ৰাজ্যখনৰ নামৰ নাম- গোভা। ইয়াৰ সৈতে জোনবিল মেলাৰ ইতিহাস এৰাব নোৱাৰাকৈ সংম্পৃক্ত হৈ আছে। বর্তমানৰ গোভা ৰজা দীপসিং দেওৰজাই ৰাজনৈতিকভাৱে নহ’লেও সামাজিকভাৱে ৰাজকীয় মর্যাদা-স্বীকৃতি লাভ কৰি ৰাজত্ব কৰি আছে৷ এই ৰাজকীয় পৰম্পৰাৰ এটা অংশ হিচাপে গোভা ৰাজ্যত প্রতি বছৰে মাঘৰ প্রথমটো বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হয় জোনবিল মেলা৷ মেলাত পর্বত-ভৈয়ামৰ সম্প্রীতিৰ লগতে প্রায়বোৰ জাতি-ধর্ম-সম্প্রদায়ৰ মিলন ঘটে জোনবিল মেলাত৷

জোনবিল মেলাৰ সূচনা কিদৰে ঘটিল, তাক লৈ কেইবাটাও কাহিনী আছে। তাৰে এটা অনুসৰি, জাগীৰোডৰ পৰা তিনি কিলোমিটাৰমান উত্তৰ দিশে থকা এখন বিলৰ পাৰত জোনাক নিশা গোভা ৰজাই ৰাণীৰ লগত ফুৰি থাকোঁতে বিলৰ পানীত জোনটি জিলিকি উঠা দেখা পাই ৰাণী আনন্দত আত্মহাৰা হৈ পৰে৷ ৰজাই বিলখনৰ নাম ৰাখে জোনবিল৷ পাছত মাঘ মাহৰ প্রথমটো বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ বিলখনত মাছ ধৰিবলৈ প্রজাক নির্দেশ দিয়ে৷ ৰজাই জোনবিলৰ মাছমৰা উৎসৱলৈ কাষৰীয়া ৰাজ্যৰ ৰজাসকলকো নিমন্ত্রণ জনায়৷ জোনবিলৰ পাৰত ৰজা, ৰাজবিষয়া-আমোলাৰ সমাৱেশ ঘটে। আৰম্ভ হয় ৰাজ-দৰবাৰৰ পৰম্পৰা। সময়ৰ গতিত তিনি দিন ধৰি চলা পৰ্বটো মেলাসদৃশ হৈ পৰে। দুদিন আগৰে পৰাই পাহাৰীয়া (খাচি, জয়ন্তীয়া, বড়ো, কছাৰী, কার্বি আদি) লোকসকল আহি জোনবিলৰ পাৰত আলু-কচু, লাউ-কোমোৰা, আদা, লা, তিল, ধূনা, গাজটেঙা আদি সামগ্ৰীৰ পোহাৰ মেলে৷ ইফালে, ভৈয়ামৰ লোকসকল ভিন্ন ঠাইৰ পৰা গৈ পিঠা-পনা, লাড়ু, জা-জলপান, শুকান মাছ কেঁচা মাছ আদিৰ মেলা পাতে৷ বিলৰ পাৰতে নৰা, ইকৰা, খাগৰিৰে সৰু সৰু ঘৰ সাজি মানুহবোৰ থাকে৷ মেলাত বয়-বস্তু কিনিবলৈ মুদ্রা দিব নালাগে৷ বিনিময় প্রথাৰে বস্তু সাল-সলনি ঘটে৷ বিলৰ পাৰত অস্থায়ী ৰাজ দৰবাৰ পাতি বহি থকা গোভা ৰজাক ৰং-বিৰঙৰ সাজ পিন্ধা জাকৈয়া নাচনীয়ে হাতে হাতে জাকৈ, খালৈ, পল’, বাঁহ, জেং গছৰ ডাল-পাত লৈ নাচি নাচি বিলৰ পাৰলৈ আদৰি আনে৷ ডেকাসকলেও ঢোল-পেঁপা বজায়৷ ৰজাই শিঙা বজাই অনুমতি দিয়াৰ লগে লগে সুহুৰি-কিৰিলি পাৰি ডেকা-গাভৰুসকলে মাছ মাৰিবলৈ বিলৰ পানীত নামি পৰে৷ বিলত মাছ মাৰি থাকোঁতে আৰু বিলৰ পাৰতো ডেকা-গাভৰুৱে জাত জাত বিহুনাম গাই নাচি-বাগি উঠে৷ সেইকেইদিন নৃত্য-গীতেৰে বিলৰ পাৰ ৰজনজনাই থাকে৷ এটা জনশ্ৰুতি মতে, তিৱাসকল জয়তা ৰাজ্যৰ উত্তৰাঞ্চলত বসবাস কৰিছিল। তাৰে এটি পৰিয়ালত লাংবাৰ আৰু লুংবৰ নামৰ ভাতৃদ্বয়ৰ জন্ম হয়। চিকাৰপ্ৰিয় লাংবৰে চিকাৰ কৰি ফুৰোঁতে এদিন জয়তা ৰাজ্যৰ ৰাজধানী চৌহদত সোমাই পৰে। তেওঁ নিজৰাৰ ঘাটত জয়তা কুমাৰী হিলালীক সতীৰ্থৰ সৈতে স্নান কৰি থকা দেখে আৰু কুমাৰীৰ ৰূপত বিমুগ্ধ হয়। চাৰি চকুৰ

মিলন হয়। সেই মিলনত মূৰ্তমান হয় প্ৰেম। দুয়োৰে প্ৰেম-মিলনৰ কথা অহুকাণে-পহুকাণে জয়তা ৰজাৰ কাণত পৰিল। কথা শুনি তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে আৰু লাংবৰক সেনাপতিৰ হতুৱাই বন্দী কৰে। ৰাজধানীত বিচাৰ সভা বহুৱাই লাংবৰক শাস্তি হিচাপে বলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কিন্ত ৰজাই সেই কাৰ্যকৰী কৰিব নোৱাৰিলে। চেনেহৰ জীয়ৰী হিলালীৰ প্ৰাৰ্থনা সফল হয়। ৰজাই লাংবৰক সেনাপতি পদত

অধিষ্ঠিত কৰে। ৰজাই লগতে জয়তা ৰাজ্যৰ দাঁতিকাষৰীয়া উত্তৰ অঞ্চলটো দান কৰি গোৱা নৈৰ পাৰৰ ফুলগুৰিত ৰাজদৰবাৰ পাতি উত্তৰে কপিলী লৈকে ভূ-খণ্ড অৰ্পণ কৰে।

কিছুদিনৰ পাছত ৰজাৰ আদেশত লাংবৰ আৰু হিলালীৰ মাজত বিবাহ সম্পন্ন কৰা হ’ল। জয়তাৰ প্ৰথা মতে ঘৰজোঁৱাই চপালে সম্পত্তিৰ একাংশ দিব লাগে। সেয়েহে জয়তাৰাজে

বৃদ্ধ বয়সত ৰাজদৰবাৰ পাতি ঘৰ জোৱাঁইক ৰাজ্যৰ একাংশ অৰ্পণ কৰে। লাংবৰৰ ৰাজ অভিষেক অনুষ্ঠান মাঘ বিহুৰ উৰুকাৰ সাত দিনৰ পাছত অনুষ্ঠিত হয়। এই অভিষেক পৰৱৰ্তী কালত বিহু উৎসৱ আৰু মেলালৈ ৰূপান্তৰিত হয়। সেয়েহে গোভা ৰাজ্যৰ তিৱাসকলে মাঘ বিহুৰ উৰুকাৰ পাছৰ হস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ এই মেলাখন অনুষ্ঠিত কৰি আহিছে।

জোনবিল মেলাৰ প্ৰাচূৰ্যময় ইতিহাসে মেলাখনৰ ঐতিহাসিক গুৰুত্ব আৰু মূল্যক তৰ্কাতীতভাৱে প্ৰতিষ্ঠা কৰি থৈছে। মেলাখন অসমীয়া জাতিৰ অমূল্য সম্পদ। কিন্তু মেলাখনে চৰকাৰৰ ফালৰ পৰা যিমান গুৰুত্ব পাব লাগিছিল বা গোভা ৰজাসকলে যিদৰে চৰকাৰী সা-সুবিধা পাব লাগিছিল, সন্মান আৰু মৰ্যাদা পাব লাগিছিল, তাৰে কিঞ্চিতমানো পোৱা নাই। মধ্য অসমৰ ১৮জন তিৱা ৰজাই চৰকাৰে মাহেকত দিয়া সামান্য পৰিমাণৰ ধনেৰে ৰাজপৰিয়াল চলাব লাগে। স্থায়ী ৰাজদৰবাৰ, বৰঘৰ, ডেকাচাং, তোৰণ অবিহনেই তিৱাসকলে জোনবিল মেলা পাতি আহিছে৷ মেলাথলীলৈ যোৱা বাট-পথৰো অৱস্থা বৰ বিশেষ উন্নত নহয়। অঞ্চলটোক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সকলো সমল আছে। চৰকাৰে সদিচ্ছা দেখুৱাই ইয়াক আগবঢ়াই নিব লাগি। কিয়নো জোনবিল মেলাক জীয়াই ৰখাৰ দায়িত্ব চৰকাৰৰো আছে।

3 views0 comments