আজিৰে পৰা নলবাৰীত বিয়পি পৰিছে কিতাপৰ সুগন্ধি, আৰম্ভ হৈছে বৰভাগ গ্ৰন্থমেলা, ২০২১





গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে সুখবৰ । নলবাৰী জিলাৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে "বৰভাগ গ্ৰন্থমেলা, ২০২১" । বৰভাগ মহাবিদ্যালয় আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত আৰু স্বেচ্ছাসেৱী সংগঠন সন্ধানৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখনৰ মহামহোপাধ্যয় ধীৰেশ্বৰচাৰ্য ক্ষেত্ৰত পুৱা ১০ বজাত উদ্বোধন কৰা হব । উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীয়ে । মঞ্চ মুকলি কৰাৰ দায়িত্বত আছে সাংবাদিক হাইদৰ হুছেইন । উদ্যোক্তাসকলে জনোৱা মতে এইবাৰৰ গ্ৰন্থমেলাত নতুন লেখকৰ গ্ৰন্থও উন্মোচন কৰা হব । কালি বিয়লি নলবাৰী শ্বহীদ ভৱনত আয়োজিত সভাত গ্ৰন্থমেলা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে আৰু নিজৰ নিজৰ বক্তব্য আগবঢ়ায় । তেওঁলোকে জনোৱামতে এইবাৰ অজস্ৰ গ্ৰন্থৰ প্ৰদৰ্শনৰ লগতে বিশেষ ৰেহাই মূল্যতো গ্ৰন্থ বিক্ৰী কৰা হব । গ্ৰন্থমেলাত অন্যান্য সৃষ্টিমূলক অনুষ্ঠানৰ উপৰিও বৌদ্ধিক আলোচনা সভা, অসমীয়া লোক সংগীত আৰু লোক সাহিত্যৰ অনুষ্ঠান আৰু সৃষ্টিমূলক সাহিত্যৰ পাঠ আৰু পৰ্যালোচনাৰ দৰে গুৰুত্বপূৰ্ণ তথা মনোগ্ৰাহী অনুষ্ঠানসমূহ আয়োজন কৰা হব । তাৰোপৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন তৰহৰ প্ৰতিযোগিতা আৰু প্ৰতিভা বিকাশমূলক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে ।

5 views0 comments