আনুষ্ঠানিক ঘোষণা বাকী : চাৰি সমষ্টিত মিত্ৰজোঁটৰ জয়







অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বেয়াকৈ মুখথেকেছা খালে বিৰোধীয়ে। আনুষ্ঠানিক ঘোষণা নহ'লেও মৰিয়নি, থাওৰা, ভৱানীপুৰ আৰু গোসাইগাঁও সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীকেইগৰাকী জয়ী হৈছে। তামুলপুৰতো মিত্ৰজোঁটৰ প্ৰাৰ্থীজন জয়ৰ দিশে আগবাঢ়িছে।


লক্ষণীয় কথাটো হ'ল থাওৰা আৰু মৰিয়নিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে তৃতীয় স্থানহে লাভ কৰে। দুয়োটা সমষ্টিত ৰাইজৰ দলৰ উত্থান ঘটিছে। দলটো দ্বিতীয় স্থানত থাকে। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত সমষ্টি দুটা কংগ্ৰেছৰ দখলত আছিল। আনহাতে গোসাঁইগাঁও আৰু ভৱানীপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী আৰু ফণীধৰ তালুকদাৰৰ জয় সুনিশ্চিত হৈছে। মাথোঁ আনুষ্ঠানিকতাহে বাকী।

4 views0 comments