আমেৰিকা, ইংলেণ্ড, জাৰ্মানীৰ নহয়, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা




পুনৰবাৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতাৰ মৰ্যাদাৰে বিভূষিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰোংচোৱা প্ৰতিষ্ঠান 'দ্য মৰ্নিং কনছাল্ট'-ৰ শেহতীয়া সমীক্ষা অনুসৰি, নৰেন্দ্ৰ মোদী বিশ্বৰ সকলো নেতাৰ তুলনাত সৰ্বাধিক জনপ্ৰিয়। যোৱা ৫ নৱেম্বৰত সংস্থাটোৱে আপডেত কৰা সমীক্ষাৰ তথ্যত মোদীয়ে জনপ্ৰিয়তাৰ গ্ৰাফত মেক্সিকোৰ ৰাষ্ট্ৰপতি আন্দ্ৰে মানুৱেল লোপেজ অব্ৰাডৰ, ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ' দ্ৰাঘি, জাৰ্মান চাঞ্চেলৰ এঞ্জেলা মাৰ্কেল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনকে ধৰি কেইবাজনো শীৰ্ষ নেতাক অতিক্ৰম কৰিছে। তেওঁৰ অনুমোদনৰ ৰেটিং হৈছে ৭০ শতাংশ।




দ্য মৰ্নিং কনছাল্টৰ জৰীপ অনুসৰি, ভাৰতত কৰোনা দ্বিতীয় ঢৌৰ সময়ত যোৱা মে’ মাহত প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা হ্ৰাস পাইছিল। ৰেটিং হ্ৰাস পাইছিল। সেই সময়ত কৰোনাৰ বাবে চিকিৎসালয়ত অক্সিজেনৰ অভাৱে দেখা দিছিল আৰু অক্সিজেনৰ অভাৱৰ বাবে বহুলোক মৃত্যু হৈছিল।


সংস্থাটোৰ সমীক্ষাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ স্থান পূৰ্বৰ ৫ৰ পৰা ষষ্ঠ স্থানলৈ অৱনমিত হৈছে। একেদৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকীৰ স্থান অষ্টমৰ পৰা দশমলৈ অৱনমিত হৈছে। উল্লেখ্য যে মাৰ্কিন প্ৰতিষ্ঠানটোৱে এই সমীক্ষা অনলাইন মাধ্যমেৰে চলাইছিল। তেওঁলোকে ভাৰতৰ ২১২৬ জন লোকৰ অনলাইন সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। সেই সাক্ষাৎকাৰক ওপৰত ভিত্তি কৰিয়েই এই সমীক্ষা প্ৰকাশ কৰা হৈছে।

3 views0 comments