আমেৰিকাতো বন্ধৰ দিন হ'ব দীপাৱলী : নিম্ন সদনত দীপাৱলী ডে' এক্ট উত্থাপন




পোহৰৰ উৎসৱ দীপান্বিতাৰ দিনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী বন্ধৰ তালিকাভুক্ত হ'ব। শেহতীয়াকৈ এই সম্ভাৱনা প্ৰবল হৈ পৰিছে। যুক্তৰাষ্ট্ৰ ভাৰতৰ দৰে অত্যধিক চৰকাৰী বন্ধৰ পৃষ্ঠপোষকতানহয় যদিও দীপাৱলীয়ে দেশখনত পাব পাৰে এটা বন্ধৰ দিন। মার্কিন কংগ্রেছৰ নিম্ন সদন ‘হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছ’-ত ইয়াৰ বাবে উত্থাপন হৈছে বিধেয়ক।


বুধবাৰে ‘হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছ’-ত ‘দীপাৱলী ডে' এক্ট’ নামৰ বিলখন উত্থাপন কৰা হৈছে। বিধেয়কখন উত্থাপন কৰে নিউ য়র্কৰ ডেমোক্রেট সদস্য কেৰোলিন বি মেলোনে। বিষয়টোত তেওঁক সহযোগিতা কৰে ৰাজা কৃষ্ণামূর্তিৰ দৰে কেইবাজনো ভাৰতীয় বংশোদ্ভৱ মার্কিন কংগ্রেৰ সদস্যই। আনহাতে, বিধেয়কখন উত্থাপন কৰাৰ লগে লগে প্রভাৱশালী কংগ্রেছ সদস্য গ্রেগৰী মিকছে সমর্থন কৰে। ‘দ্য হাউছ অৱ ফৰেইন এফেয়াৰ্ছ কমিটী’ও বন্ধৰ বিধেয়কখনলৈ সমর্থন জনাইছে আৰু বিধেয়কৰ সমৰ্থনত বিতৰ্কত ভাগ লয়।


বিধেয়কখনৰ সমর্থনত ‘দ্য হাউছ অৱ ফৰেইন এফেয়াৰ্ছ কমিটীৰ

অধ্যক্ষ গ্রেগৰী মিকছে কয়, 'এইটো (দীপাৱলী) এনে এটা উৎসৱ যিটো মার্কিন সমাজৰ সকলোৰে সৈতে ভাগ কৰি লোৱা উচিত। এটা খুবেই ভাল দিন, কাৰণ আমি অন্ধকাৰৰ ওপৰত আলোকৰ জয়ৰ কথা কৈছোঁ। আমি বিধেয়কখনৰ সপক্ষে।'


ইফালে, দীপাৱলীত ‘ফেডাৰেল হলিডে'’ বা ৰাষ্ট্ৰীয় ছুটীৰ স্বপক্ষে মন্তব্য দি মেলোনে কয়, 'মই দীপাৱলী ডে' এক্ট বিধেয়ক উত্থাপন কৰিবলৈ পাই অতিশয় আনন্দিত। ক'ভিডৰ অন্ধকাৰ সময়ছোৱাত জাতিটো আগুৱাই যোৱাৰ প্রতীক দীপাৱলী। অন্ধকাৰৰ ওপৰত আলোকৰ জয়, দুষ্টৰ পৰাজয়, শান্তৰ জয় উদ্‌যাপন কৰিবলৈ পাই মই গর্বিত। দীপাৱলী উদ্‌যাপনৰ জৰিয়তে আমি সকলোৱে জাতিৰ বাবে সুখ, নিৰাময়, শিক্ষা, পোহৰ আৰু অনিশ্চিত সময়ৰ পথৰ পৰা সঠিক দিশ লাভ কৰাৰ কামনা কৰোঁ।” ৰাজা কৃষ্ণামূর্তি দীপাৱলীৰ ধর্মীয় আৰু ঐতিহাসিক গুৰুত্ব আমেৰিকাৰ কংগ্রেছত তুলি ধৰে।

3 views0 comments