আমেৰিকাত ৰাষ্ট্ৰপতি বাইডেন, উপ-ৰাষ্ট্ৰপতি হেৰিছৰ দীপাৱলী উদযাপন




আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে উদযাপন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী। লগতে আমেৰিকাত বসবাস কৰা ভাৰতীয়ৰ উপৰি বিশ্বৰ বিভিন্ন প্ৰান্তত থকা হিন্দু, শিখ, বৌদ্ধ আৰু জৈনসকললৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে।




টুইটাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে হোৱাইট হাউছত দীপাৱলী উদযাপন কৰাৰ এখন ফটো শ্বেয়াৰ কৰিছে। তাত তেওঁ লিখিছে, দীপাৱলীৰ পোহৰে আমাক অন্ধকাৰৰ পৰা জ্ঞানলৈ লৈ যাব। হোৱাইট হাউছৰ হৈ দীপাৱলীৰ শুভেচ্ছা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বতে বাস কৰা হিন্জু, শিখ, বৌদ্ধ আৰু জৈনসকললৈ প্ৰেৰণ কৰিছো। আনহাতে ভৰতীয় মূলৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছেও দীপাৱলীৰ শুভেচ্ছা জনাইছে।

7 views0 comments