আশাৰ বাৰ্তা : অনুমোদিত হ'ল কোভিড প্ৰতিৰোধী টেবলেট 'মলনুপিৰাৱিৰ'




ইউকেৰ ঔষধ নিয়মীয়াকৰ্তা, মেডিচিনছ এণ্ড হেলথকেয়াৰ প্ৰডাক্তছ ৰেগুলেটৰি এজেঞ্চি (এম এইচ আৰ এ)-য়ে লক্ষণগত কোভিড-১৯-ক চিকিৎসা কৰাৰ বাবে ডিজাইন কৰা প্ৰথমটো টেবলেটক অনুমোদন দিছে । এই খেল-সলাই দিব পৰা এন্টি-কোভিড টেবলেটটোক নাম দিয়া হৈছে 'মলনুপিৰাৱিৰ' । নিম্নৰ পৰা মধ্যমীয়া মাত্ৰাৰ অসুখত ভুগি থকা লোকসকলৰ বাবে আৰু গুৰুতৰ কোভিড-১৯ বিকাশ হোৱাৰ বাবে মেদবহুলতা, হৃদৰোগ আৰু বৃদ্ধাৱস্থাৰ মধুমেহৰ দৰে অতিকমেও এটা ক্ষতিৰ কাৰক থকা ৰোগীসকলৰ বাবে এই টেবলেটটোক ব্যৱহাৰ কৰিবলৈ ব্ৰিটেইনৰ এম এইচ আৰ এয়ে চুপাৰিছ আগবঢ়াইছে । কোভিড-১৯ পজিটিভ তথা ইয়াৰ লক্ষণবোৰ দেখুৱাই থকা দুৰ্বল ৰোগীসকলক দিনে দুবাৰকৈ এই টেবলেটটো খাবলৈ দিয়া হয় । সংক্ৰমণৰ আৰম্ভণিৰ প্ৰথম পাঁচদিনৰ ভিতৰতে টেবলেটটো ৰোগীক খাবলৈ দিব লাগে । প্ৰথমে ফ্লু ৰোগৰ চিকিৎসা কৰিবলৈ উদ্ভাৱন কৰা এই টেবলেটটোৱে সেই এনজাইমটোক লক্ষ্য কৰি লয় যাৰ সহায়ত ভাইৰাছে নিজৰ প্ৰতিৰূপ প্ৰস্তুত কৰে । ইয়ে এক জেনেটিক কোডৰ নিৰ্মাণ কৰে যিয়ে ইয়াক বহুগুণ কৰাত বাধা দিয়ে । সেয়ে এই টেবলেটটোৱে ভাইৰাছ আৰু গম্ভীৰ স্তৰ দুয়োটাকে নজৰত ৰখাত সহায় কৰে । চলিত বৰ্ষৰ শেষলৈকে এই চিকিৎসা ১০ মিলিয়ন সংখ্যকলৈ আৰু ২০২২ চনত ২০ মিলিয়নলৈ উৎপাদিত হোৱাৰ আশা আছে বুলি কোম্পানী টোৱে জানিব দিছে।

14 views0 comments