আৰ টি আইৰ উত্তৰ : NRC ৰ মাত্ৰ ১০৩২ টা সন্দেহজনক কেচকহে পৰৱৰ্তী ব্যৱস্থা লোৱাৰ বাবে জিলা উপায়ুক্তলৈ হ





এনআৰচিৰ ক্ষেত্ৰত এক যথেষ্ট আশ্চৰ্যকৰ বাতৰি পোহৰলৈ আহিছে । মুঠ কেচৰ ভিতৰত কেৱলমাত্ৰ ১০৩২ টা সন্দেহজনক কেচকহে পৰৱৰ্তী ব্যৱস্থা লোৱাৰ বাবে জিলা উপায়ুক্তলৈ হস্তান্তৰ কৰা হৈছে ।এক মিডিয়া প্ৰতিবেদনৰ মতে অসম এনআৰচিৰ ৰাজ্য সমন্বয়ক কাৰ্যালয়ে এক আৰ টি আই আবেদনৰ উত্তৰত কৈছে যে নাগৰিকত্ব (নাগৰিকৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ জাৰি কৰা) নীতি, ২০০৩-ৰ ৪(A)৪ অনুসূচীৰ অন্তৰ্ভুক্ত ধাৰা ৪(৩) আৰু ৪(৬)-ৰ অধীনত বিভিন্ন বিভাগৰ অন্তৰ্গত মাত্ৰ ১০৩২ টা গোচৰক সংশ্লিষ্ট জিলা উপযুক্তসকললৈ আৱশ্যকীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে । পূৰ্বে উল্লিখিত সংক্ষিপ্ত নামবোৰে সন্দেহযুক্ত ভোটাৰ, ঘোষিত বিদেশী, বিদেশী ন্যায়াধীকৰণত (এফ টি) নিষ্পত্তি নোহোৱা প্ৰসংগ, ডি ভোটাৰৰ বংশ, ঘোষিত বিদেশীৰ বংশ আৰু এফ টিত নিষ্পত্তি নোহোৱাকৈ পৰি থকা ঘোষিত বিদেশীক বুজাইছে । আৰ টি আইৰ উত্তৰত কোৱা হৈছে যে এতিয়ালৈ কোনো প্ৰত্যাখ্যান শ্লিপ জাৰি কৰা হোৱা নাই আৰু নাগৰিকত্ব (নাগৰিকৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ জাৰি কৰা) নীতি, ২০০৩-ৰ ৪(A)৪ অনুসূচীৰ অন্তৰ্ভুক্ত ধাৰা নং ৭-ৰ অধীনত আৰ জি আইৰ দ্বাৰা চূড়ান্ত এনআৰচি এতিয়াও প্ৰকাশ পাবলৈ বাকী আছে । নাম অন্তৰ্ভুক্ত কৰা বা মচাৰ বাবে ২০১৯ চনৰ ৩১ আগষ্টৰ দিনা লোকেল ৰেজিষ্ট্রাৰ অফ ছিটিজেনছ ৰেজিষ্ট্ৰেচনে এক পূৰক সূচী প্ৰকাশ কৰিছিল । উল্লেখযোগ্য যে আৰ টি আইৰ উত্তৰত জানিব পৰা মতে চূড়ান্ত এনআৰচিৰ প্ৰকাশৰ বাবে মুঠ ১৬০২.৬৬ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে ।

3 views0 comments