উত্তম যোদ্ধা সেৱা মেডেলেৰে অসমবাসীক গৌৰৱাম্বিত কৰিলে লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই




ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ হাতৰ পৰা সোমবাৰে উত্তম যোদ্ধা সেৱা পদক গ্ৰহণ কৰি অসমবাসীক গৌৰৱাম্বিত কৰি তুলিলে লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতা। দেশখনৰ কেইবাজনো সেনাৰ বীৰ জোৱান-বিষয়াৰ সৈতে লেফটেনেণ্ট জেনেৰেল কলিতাই ৰাষ্ট্ৰপতিৰ হাতৰ পৰা সেৱা মেডেল গ্ৰহণ কৰে। অনুষ্ঠানটোৰ সাক্ষী হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দ্শখনৰ অগ্ৰণী ৰাজনৈতিক, সেনাৰ শীৰ্ষ বিষয়া।

দেশৰ সার্বভৌমত্ব আৰু অখণ্ডতাৰ প্রতি সেৱা আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে তেওঁক ২০২০ বর্ষৰ উত্তম যুদ্ধ সেৱা মেডেল আগবঢ়োৱা হয়। লেফটেনেণ্ট জেনেৰেল কলিতাই কুমাও ৰেজিমেণ্টৰ থ্রী কৰৰ ডিমাপুৰৰ সমীপৱর্তী ৰঙা পাহাৰস্থিত মুখ্য কার্যালয়ত জি অ’ চি হিচাপে কার্যনির্বাহ কৰি মাতৃভূমিৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে এই মেডেল লাভ কৰিছে৷


উল্লেখ্য যে কামৰূপ জিলাৰ ৰঙিয়াত জন্মগ্রহণ কৰা লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাই গোৱালপাৰাৰ সৈনিক স্কুলত অধ্যয়ন কৰিছিল৷ তেওঁ কুমাও ৰেজিমেণ্টৰ থ্রী কৰৰ প্রথমগৰাকী অসমীয়া তথা দ্বিতীয়গৰাকী উত্তৰ–পূর্বাঞ্চলৰ মুৰব্বী৷ ইতিপূর্বে মণিপুৰৰ লেফটেনেণ্ট জেনেৰেল কে এইচ সিঙে কুমাও ৰেজিমেণ্টৰ মুৰব্বী হিচাপে কার্যনির্বাহ কৰিছিল৷

5 views0 comments