উত্তৰপ্ৰদেশত কংগ্ৰেছৰ ৯৭ শতাংশ প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত



নিৰ্বাচনে এটা ৰাজনৈতিক দলৰ গ্ৰহণযোগ্যতা নিৰ্ণয় কৰে। গ্ৰহণযোগ্য আৰু ৰাইজৰ আস্থাশীল হৈ থাকিলেহে দল এটাই নিৰ্বাচনত সফলতা অৰ্জন কৰে। মুখৰ কথাত নহয়। সেই দিশৰ পৰা চাবলৈ গ’লে ভাৰতৰ ৰাজনীতিত কংগ্ৰেছৰ গ্ৰহণযোগ্যতা ইমানেই কমি গৈছে যে দলটোৰ প্ৰাৰ্থীসকলে ই ভি এমত থকা NOTA বুটামটোৰ প্ৰতিযোগিতা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। বিগত ৮ বছৰত কংগ্ৰেছে অৱতীৰ্ণ হোৱা ৪৫টা নিৰ্বাচনৰ ৪০টাতে পৰাজিত হৈছে। শেহতীয়াকৈ অনুষ্ঠিত উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত দলটোৰ ৯৭ শতাংশ প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে।

উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৩৯৯টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাৰে মাথোঁ দুটা সমষ্টিতহে দলটোৰ প্ৰাৰ্থী জয়ী হয়। সাফল্যৰ হাৰ হিচাপ মাথোঁ ০.৫ শতাংশ। দেশৰ সবাতকৈ প্ৰাচীন ৰাজনৈতিক দলটোৰ এনে দুৰৱস্থাই দলটোৰ ভৱিষ্যতৰ বহু কথা কৈ দিয়ে। এসময়ত সমগ্ৰ ভাৰত শাসন কৰা দলটোৱে এতিয়া বিধানসভাৰ এখন আসনত জয়ী হ’বলৈ অকল্পনীয় সংগ্ৰাম কৰিবলগীয়া হৈছে। জনসাধাৰণে দলটোক আস্থাত লোৱাৰ পৰ্যায়তে ৰখা নাই।

সকলোৱে জানে যে ই ভি এমত NOTA নামৰ এটা বুটাম থাকে। গণতন্ত্ৰত বুটামটোৰ মূল্য আৰু গুৰুত্ব অপৰিসীম। পছন্দৰ প্ৰাৰ্থী বিচাৰি নোপোৱা বা নথকা ভোটাৰেও যাতে নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ পৰা আঁতৰি নাথাকে, তাৰ বাবে বুটামটোৰ ব্যৱস্থা কৰা হৈছে। ইয়ে জনসাধাৰণৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংসগ্ৰহণ আৰু আগ্ৰহ বৃদ্ধি কৰিছে। কিন্তু বুটামটোত টিপা মৰা লোকৰ সংখ্যা তেনেই কম। কাৰণভোটাৰে ভোটকেন্দ্ৰলৈ যায় প্ৰাৰ্থীক ভোট দিবলৈ। গতিকে সেই বুটামটোৰ প্ৰতি আকৰ্ষিত লোকৰ সংখ্যা স্বাভাৱিকতে তেনেই নগণ্য হয়। বুটামটোত ভোট দিয়া লোকৰ সংখ্যাটো কাৰোৱেই প্ৰতিদ্বন্দ্বী হৈ নুঠে। কিন্তু কংগ্ৰেছৰ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছে যে উত্তৰপ্ৰদেশ দলটোৱে NOTAৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছে। এইবেলিৰ উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ২১ লাখ ৫১ হাজাৰ ২৩৪টা ভোট লাভ কৰিছে। দলটোৱে মুঠ ২.৩৩ শতাংশ ভোট লাভ কৰে। ইয়াৰ বিপৰীতে প্ৰদেশখনত NOTAত ভোট পৰে ৬ লাখ ৩৭ হাজাৰ ৩০৪টা। অৰ্থাৎ কংগ্ৰেছৰ দৰে দল এটাৰ সৈতে NOTAৰহে প্ৰতিদ্বন্দ্বিতা হৈছে। দলটোৱে ৰাজ্যখনৰ ৪০৩টা বিধানসভা সমষ্টিত গঢ়ে ৫ হাজাৰহে ভোট লাভ কৰিছে। ইয়াৰ বিপৰীতে আৰ এল ডি নামৰ দলটোৱে ৩৩টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি ২.৯০ শতাংশ ভোট লাভ কৰে।

৩৯৯টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছৰ ৩৮৭জন প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হয়। অৰ্থাৎ ৯৭ শতাংশ প্ৰাৰ্থীয়ে ভোটাৰৰ ন্যূনতম আস্থাও অৰ্জন কৰিবলৈ সক্ষম নহ’ল। নিৰ্বাচনত প্ৰিয়ংকা ৱাদ্ৰা গান্ধীয়ে সৰ্বাধিক ২০৯খন নিৰ্বাচনী সমাৱেশ আৰু ৰোড শ্ব’ত ভাগ লৈছিল। ইয়াৰ বিপৰীতে যোগী আদিত্যনাথে ২০৩খন নিৰ্বাচনী সমাৱেশ আৰু ৰোজ শ্ব’তহে ভাগ লয়। তথাপি নিৰ্বাচনটোত পৰাজয়ৰ বাবে প্ৰিয়ংকা ৱাদ্ৰা গান্ধীক জগৰীয়া কৰা নহ’ল। প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ ওপৰতহে বিফলতাৰ দায়-দোষ জাপি দিয়া হ’ল। এইদৰেই কংগ্ৰেছক ক্ৰমশঃ ডুবাই আছে ছোনিয়া গান্ধীৰ পৰিয়ালে।

6 views0 comments