উপ-নিৰ্বাচনত শোচনীয় পৰাজয় : নেতা-কৰ্মীয়ে দলে দলে এৰিছে কংগ্ৰেছ





৫টা বিধানসভা সমষ্টিৰ সদ্যসমাপ্ত উপ-নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত কংগ্ৰেছত পৰাজয়ৰ হতাশা প্ৰতিফলিত হ'বলৈ ধৰিছে। দলটোৰ ভৱিষ্যতৰ সন্দিহান হৈ পৰিছে বহু কংগ্ৰেছ নেতা-কৰ্মী। সুৰক্ষিত ৰাজনৈতিক বিচাৰি আন দললৈ ঢাপলি মেলা আৰম্ভ হৈ গৈছে।



শনিবাৰে বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ নেতৃত্বত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে দলত্যাগ কৰি বিজেপিত যোগদান কৰে ৷ বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান পৰ্বত বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসে সভাপতিত্ব কৰে। যোগদান কাৰ্যসূচীত জিলা কংগ্ৰেছৰ অ' বি চি বিভাগৰ অধ্যক্ষ সীমান্ত দাস , জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিতুল দাস , জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভূদেৱ দাস, জিলা কংগ্ৰেছৰ সাধাৰণ প্ৰাক্তন সম্পাদক গৌতম দাস, কংগ্ৰেছৰ আই এন টি ইউ চিৰ সভাপতি অধৰ চন্দ্ৰ গায়ন , জিলা কংগ্ৰেছৰ প্ৰাক্তন সম্পাদিকা মামণি দাস , জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক অমল কুমাৰ দাস প্ৰমূখ্যে কেবাজনো কংগ্ৰেছ নেতাৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷


বিজেপিত যোগদান কৰি কংগ্ৰেছ নেতা-কৰ্মীসকলে কয় যে পোন্ধৰ বছৰে শাসন কৰাৰ পিছতো কংগ্ৰেছে অসমৰ তিলমাত্ৰাও উন্নয়ন কৰিব নোৱাৰিলে ৷ ইয়াৰ বিপৰীতে দুৰ্নীতি-ভ্ৰষ্টাচাৰেৰে ৰাজ্যখনক বহু পিছুৱাই লৈ গৈছিল ৷ বৰ্তমান কংগ্ৰেছত মহাত্মা গান্ধীৰ আদৰ্শ নাই বুলিও তেওঁলোকে ক্ষোভ ব্যক্ত কৰে ৷ সাম্প্ৰাদায়িকতাৰ ৰাজনীতি কৰা কংগ্ৰেছ সাম্প্ৰতিক ৰাজনীতিত অপ্ৰাসংগিক বুলিও তেওঁলোকে মন্তব্য কৰে ৷

8 views0 comments