উপ-নিৰ্বাচন : অসমত বিজয় সমদল নিষিদ্ধ নিৰ্বাচন আয়োগৰ







অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ ভোটগণনা পূৰ্ণগতিত চলি আছে। বিয়লিলৈকে ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ সৈতে সংগতি ৰাখি নিৰ্বাচন আয়োগে কেতবোৰ নীতি-নিৰ্দেশনা আগবঢ়াইছে। কৰোনাৰ সম্ভাব্য সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হৈছে এই নিৰ্দেশনা।


নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি,


কোনো দল বা প্ৰাৰ্থীয়ে বিজয় সমদল উলিয়াব নোৱাৰিব। ২ নৱেম্বৰৰ পাছতো বিজয় সমদলত নিষেধাজ্ঞা বাহাল থাকিব। তদুপৰি ৰিটাৰ্নিং বিষয়াৰ পৰা প্ৰমাণ-পত্ৰ সংগ্ৰহৰ ক্ষেত্ৰতো দিয়া হৈছে কঠোৰ নিৰ্দেশনা। জয়লাভ কৰা প্ৰাৰ্থীয়ে বা তেওঁৰ প্ৰতিনিধিয়ে লগত মাত্ৰ দুজন ব্যক্তিকহে লৈ যাব পাৰিব।

2 views0 comments