উৎকোচ লৈ ধৰা পৰিল এমভিআই : পিষ্টল, সুৰা, ধন জব্দ




দালাল, দুৰ্নীতি আদিৰ বাবে কুখ্যাত পৰিবহণ বিভাগত দালালৰাজ কিছু পৰিমাণে হ্ৰাস হৈছে যদিও দুৰ্নীতিমুক্ত হোৱা নাই। মঙলবাৰে নগাঁও পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অভিযোগত হেমেন দাস নামৰ এমভিআই এজন গ্ৰেপ্তাৰ হয়। এমভিআইজনে বাহন এখনৰ ফিটনেছ প্ৰমাণ-পত্ৰৰ বাবে ৩৫ হাজাৰ টকা ঘোচ লৈছিল। ঘটনাটেৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুজন কৰ্মচাৰী আৰু এমভিআই দাসৰ গাড়ীচালকজনক গ্ৰেপ্তাৰ কৰে। ইফালে, আৰক্ষীয়ে হেমেন দাসৰ নগাঁওস্থিত বাসগৃহৰ লগতে গুৱাহাটীত থকা ফ্লেটত অভিযান চলাই বুজন পৰিমাণৰ ধন, কাৰ্টনে কাৰ্টনে সুৰা জব্দ কৰে।আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা চাৰি লক্ষাধিক টকা জব্দ কৰে।

গুৱাহাটীৰ বেলতলাৰ আগষ্টক্ৰান্তি পথত থকা হোমেন দাসৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলাই এটা পিষ্টলসহ বহু সুৰাৰ বটল জব্দ কৰে। নিশা ২ বজাৰ পৰা পুৱা ৬-৩০ বজালৈ চলা তালাচীত আৰক্ষীয়ে ৫০ হাজাৰ টকাসহ বহু আপত্তিজনক নথি-পত্ৰও জব্দ কৰে। জানিব পৰা মতে মহানগীৰৰ আন কেইবাটাও স্থানৰ বাসগৃহত চলিব আৰক্ষীৰ অভিযান। উল্লেখ্য যে হোমেন দাসৰ গুৱাহাটীৰ বাসগৃহত যিটো পিষ্টল উদ্ধাৰ হৈছে সেই পিষ্টলৰ অনুজ্ঞাপত্ৰ হোমেন দাসে আৰক্ষীক দেখুৱাব পৰা নাই। আনহাতে তেওঁৰ বাসগৃহত উদ্ধাৰ হোৱা সুৰাক লৈও সৃষ্টি হৈছে চাঞ্চল্য। কিয়নো তেওঁৰ বাসগৃহত উদ্ধাৰ হোৱা সুৰাৰ পৰিমাণ দেখি আৰক্ষীৰ চকু কপালত উঠিছে। বুজন পৰিমাণৰ সুৰাখিনি কিয় তেওঁৰ ঘৰত ৰাখিছিল সেই বিষয়েও জানিব পৰা নাই।

আনহাতে, নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত তলা অভিযানত জিলা পৰিবহণ বিভাগত কৰ্মৰত প্ৰণৱ মহন্ত আৰু বলৱন্ত কৌৰ নামৰ কৰ্মচাৰী দুজনক আটক কৰা হয়। তদুপৰি, হেমেন দাসৰ গাড়ীচালক পুলক ৰায়কো আটক কৰে। সম্প্ৰতি আৰক্ষীয়ে কেউজনকে জেৰা চলাই আছে। এমভিআই হেমেন দাসৰ পৰা দুৰ্নীতিৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

9 views0 comments