উৰণীয়া সেতু মুকলি কৰি মুখ্যমন্ত্ৰীৰ আহ্বান- পিক পেলাই নষ্ট নকৰিব




গুৱাহাটীৰ দিছপুৰ ছুপাৰ মাৰ্কেটত নৱনিৰ্মিত উৰণীয়া সেতুখন আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰি ৰাজ্যবাসীৰ সেৱাত উছৰ্গিত কৰিলে। মাংগলিক অনুষ্ঠানৰ এটাৰ অন্তত মুখ্যমন্ত্ৰীয়ে সেতুখন উদ্বোধন কৰে। সেউ উদ্ধোধনৰ পিছত তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে পিক পেলোৱা কাৰ্যক নিন্দা কৰি কয় যে বহু লোকে সেতুত তামুলৰ পিক পেলাই সৌন্দৰ্য বিনষ্ট কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেনে কামৰ পৰা বিৰত থাকিবলৈ মুকলিকৈ আহ্বান জনায়।


আনহাতে, সেতু নিৰ্মাণৰ সৈতে জড়িত সকলো পক্ষক মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ক'ভিড নখকাহেঁতেন উৰণীয়া সেতুখনৰ নিৰ্মাণ ইয়াতকৈয়ো সোনকালে সম্পূৰ্ণ হৈ উঠিলহেঁতেন।



উল্লেখ্য যে মুখ্যমন্ত্ৰী উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য ১. ২০৫ কিলোমিটাৰ। ইয়াক নিৰ্মাণ কৰোঁতে ২২ মাহ সময় লাগিছে।


উৰণীয়া সেতুৰ উদ্বোধনী অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহাল, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ কুইন ওজা, দিছপুৰৰ বিধায়ক অতুল বৰাকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

6 views0 comments