এইবাৰ থানাৰ বাহিৰত বহি এজাহাৰ লিখোঁতাক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ




দালালৰাজৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ এটা নতুন 'ষ্ট্ৰাইক' ঘোষণা কৰিছে। লক্ষ্য কৰি লোৱা হৈছে থানাৰ বাহিৰত বহি এজাহাৰ লিখি দিয়া দালালক।


দুর্নীতি আৰু দালালৰাজৰ বিৰুদ্ধে পুনৰ ৷ বৃহস্পতিবাৰে ছুপাৰ মার্কেটত উৰণীয়া সেতুখন মুকলি কৰি দিয়া ভাষণত তেওঁ আৰক্ষী থানাৰ অ’চিসকলক সকীয়াই দি কয়– থানাৰ বাহিৰত এজাহাৰ লিখিবলৈ বহি থকা লোকসকলক শীঘ্রেই গ্রেপ্তাৰ কৰক, অন্যথা মই গ্রেপ্তাৰ কৰিম৷


মুখ্যমন্ত্রীয়ে কয় যে অ’চিয়ে এফ আই আৰ নিলিখে৷ বাহিৰত এজন লোক বহি থাকে, তেওঁহে এজাহাৰ লিখে৷ এই লোকজনে আইনৰ যি ধাৰা লগাব নালাগে, তাক লগাই দিয়ে আৰু যি ধাৰা লগাব লাগে তাক নলগায়৷ স্বামী–স্ত্রীৰ মাজত থকা কাজিয়ৰ ক্ষেত্রতো অপ্রয়োজনীয় ধাৰা লগায় যে সেই কাজিয়া কেতিয়াও সমাধানলৈ নাহে৷


মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ প্ৰশ্ন- থানাৰ বাহিৰত এজাহাৰ ৰাইটাৰ কিয়? শীর্ষ বিষয়াসকলে ইয়াৰ সপক্ষে মাত দিয়ে৷ যদি এজাহাৰ ৰাইটাৰজনৰ ইমানেই প্রয়োজন, তেন্তে তেওঁ থানাৰ দায়িত্ব লওক, থানাৰ অ’চি বাহিৰত বহক৷

1 view0 comments