এইবাৰ ফেচ ৰিকগনিচন আঁতৰিল ফেচবুকৰ পৰা




অভিভাৱক সংস্থাৰ নাম সলনি কৰি শেহতীয়াকৈ বিশ্বজুৰি চৰ্চাত থকা ফেচবুক কৰ্তৃপক্ষই আৰু চমক সৃষ্টিকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে। ফেচবুকৰ পৰা আঁতৰাই পঠিওৱা হ'ল এটা জনপ্ৰিয় সুবিধাক। ব্যৱহাৰকাৰীৰ একাউণ্ট সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে সিদ্ধান্তটো লোৱা বুলি কৰ্তৃপক্ষই জনাইছে। সেই অনুসৰি, ফেচবুকত নাথাকিব ফেচ ৰিকগনিচন ছিষ্টেম। ব্যৱস্থাটো দহ বছৰ পূৰ্বে ফেচবুকত সংযোজিত হৈছিল। ব্যৱস্থাটোৱে মুখখনৰ পৰা ব্যক্তি এজনৰ পৰিচয় উলিয়াই দিছিল। ফেচবুকত ভিডিঅ' বা ফটো আপলোড কৰিলে ছিষ্টেমটোৱে তাত থকা মুখৰ  বিশ্লেষণ কৰি লোক এজনৰ

পৰিচয় নিজেই উলিয়াই দিছিল।





মেটাৰ আর্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ভাইচ প্রেছিডেন্ট এই সন্দৰ্ভত কয় যে সমস্ত প্রযুক্তিৰ  ভাল আৰু বেয়া দুয়োটা দিশ আছে। তাৰ সামঞ্জস্য ৰক্ষা কৰাৰ চেষ্টা চলোৱা হৈছে। ফেচিয়েল ৰিকগনিচনক লৈ  ন বহুদিন ধৰি আলোচনা চলছিল। ব্যৱহাৰকাৰীৰ  সুৰক্ষাৰ কথা ভাবি অৱশেষত তাক আঁতৰাই পেলোৱাৰ সিদ্ধান্ত লোৱা হয়।

3 views0 comments