
এইবাৰ ৰাজ্যত লেডী ড্ৰাগছ মাফিয়াৰ সন্ত্ৰাস

ড্ৰাগছৰ প্ৰতি আসক্তি বিশ্বজুৰি এক ভয়ংকৰ সামাজিক ব্যাধি হিচাবে পৰিগণিত হৈছে। যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা এই ড্ৰাগছ আসক্তিয়ে বহুতৰে ভৱিষ্যৎ ধ্বংসৰ দিশলৈ আগবঢ়াই নিছে। একাংশ যুৱ প্ৰজন্মই এই ড্ৰাগছৰ বাবেই তেওঁলোকৰ নিজৰ জীৱন ধ্বংস কৰিছে।
এই সমূহৰ মাজতেই এতিয়া ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰব হৈ উঠিছে অসম চৰকাৰ। এই সন্দৰ্ভত অসম আৰক্ষীয়েও সক্ৰিয় ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যত অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। এই অভিযানৰ মাজতেই কিন্তু একাংশই অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰবৰাহ।
এইবাৰ ৰাজ্যত সন্ত্ৰাস চলাইছে লেডী ড্ৰাগছ মাফিয়াই। ড্ৰাগছৰ ব্যৱসায়ত নামি পৰিছে মহিলাও। শেহতীয়াকৈ দক্ষিণ কামৰূপৰ গৰৈমাৰীত লেডী ড্ৰাগছ মাফিয়াই চলাইছে সন্ত্ৰাস ৷ এই সন্দৰ্ভত ছয়গাঁও আৰক্ষীৰ নেতৃত্বত জোৰশিমুলী আৰক্ষীৰ সহযোগত গোপন সূত্ৰত খবৰৰ ভিত্তিত এক অভিযান চলোৱা হৈছিল। এই অভিযানত অভিযানত আটক হৈছে লেডী ড্ৰাগছ মাফিয়া নুৰজাহান খাতুন ।
লেডী ড্ৰাগছ মাফিয়াৰ ঘৰ দক্ষিণ কামৰূপৰ জোৰশিমুলীৰ দাসপাৰাত ৷ মহিলাগৰাকীৰ বাসগৃহত নিশাৰ ভাগত ছয়গাঁও আৰক্ষীয়ে এই অভিযান চলাইছিল। অভিযানত জব্দ হৈছে বৃহৎ পৰিমানৰ ব্ৰাউন ছুগাৰ ৷ ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে ৷
সম্প্ৰতি লেডী ড্ৰাগছ মাফিয়াক ৰখা হৈছে ছয়গাঁও আৰক্ষীৰ জিম্মাত ৷ ছয়গাঁও আৰক্ষীয়ে লেডী ড্ৰাগছ মাফিয়া নুৰজাহান খাতুনক চলাইছে এই সন্দৰ্ভত মাৰাথান জেৰা ৷
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বহুবাৰ ড্ৰাগছ সৰবৰাহ কৰি জেলৰ ভাত খাৱলগীয়া হৈছিল এইগৰাকী লেডী ড্ৰাগছ মাফিয়াই।