এনকাউণ্টাৰ নহয় আৰক্ষীৰ গাড়ীৰ খুন্দাত সিপুৰী পালে ক'লাগুণ্ডা নীৰজ




ক'লা ল'ৰা ওৰফে ক'লা গুণ্ডা ওৰফে নীৰজ দাস নামৰ কুখ্যাত অপৰাধীটোৰ জীৱনৰ অধ্যায় সমাপ্ত হ'ল। যোৰহাটৰ মাজমজিয়াত আছুৰ নেতা এজনক মৰিয়াই মৰিয়াই হত্যা কৰা নৰপিশাচৰ দলটোৰ চৰ্দাৰটোৰ আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণবায়ু উৰি যায়।





যোৰহাট আৰক্ষীয়ে নীৰজৰ মৃত্যুৰ প্ৰসংগত জনোৱা মতে, ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত নীৰজে ড্ৰাগছৰ ঘাটি দেখুৱাম বুলি পুলিচক লৈ গৈছিল। লৈ গৈ থাকোঁতেই চিনামৰাৰ পেট্ৰ’ল পাম্পৰ ওচৰত গাড়ীৰ পৰা জাঁপ মাৰি পলাবলৈ চেষ্টা চলায়। পিছে পিছে পুলিচৰ আৰু এখন গাড়ী গৈ আছিল। হঠাতে সন্মুখত পৰা নীৰজক বচাবলৈ চালকে চেষ্টা চলায় কিন্তু সফল নহ'ল। তাক খুন্দিয়াই গাড়ীখনে ৱালত খুন্দা মাৰে। ঘটনাত পুলিচৰ গাড়ীখন ক্ষতিগ্ৰস্ত হয় আৰু ৩জন আহত হয়। লগে লগে গোটেই কেইজনকে জে এম চি এইচলৈ লৈ নিয়া হয়। চিকিৎসকে নীৰজক মৃত বুলি ঘোষণা কৰে।


ইফালে নিশা সংঘটিত ঘটনাত আহত আৰক্ষীৰ ৩গৰাকী লোকৰ মাজত আছে এগৰাকী চালক আৰু দুগৰাকী কনিষ্টবল। তেওঁলোকক ৰ্তমান জে এম চি এইচতে চিকিৎসা প্ৰদান কৰি থকা হৈছে। ইফালে নীৰজৰ মৃত্যুৰ লগে লগে যোৰহাটতসৃষ্টি হৈছে দীপাৱলী সদৃশ পৰিৱেশ। ৰাজপথত ফটকা ফুটাই আনন্দ প্ৰকাশ কৰিছে সাধাৰণ জনতাই। প্ৰথমবাৰৰ বাবে কাৰোবাৰ মৃত্যুত আনন্দ উৎসৱ উদযাপন কৰা দেখা গৈছে যোৰহাটত।

6 views0 comments