এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা




২০২০ বৰ্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ প্রাৰম্ভিক পৰীক্ষাৰ ফলাফল শুকুৰবাৰে ঘোষণা কৰিছে অসম লোকসেৱা আয়োগে৷ ৰাজ্যৰ ১১খন জিলাত অনুষ্ঠিত এই পৰীক্ষাত ঘোষিত ফলাফল অনুসৰি ৪,০১৭গৰাকী প্রার্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অর্জন কৰিছে৷


উল্লেখ্য যে পৰীক্ষা চলিত বর্ষৰ ছেপ্টেম্বৰত অনুষ্ঠিত হয়। ইয়াত অৱতীৰ্ণ হোৱাৰ বাবে ৭৫,৮০৬গৰাকী প্ৰাৰ্থীয়ে আবেদন জনাইছিল৷ অৱতীর্ণ হৈছিল ৩৭,৬২২গৰাকী পৰীক্ষার্থী৷ ইয়াৰ বিপৰীতে পদ খালী আছে ৩৩১টা।

14 views0 comments