এপ্ৰিলতে ভাৰতত অসংগঠিত খণ্ডৰ কৰ্মচাৰী-শ্ৰমিকৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ : হ্ৰাস পাব দৰিদ্ৰতা




দেশৰ সংগঠিত খণ্ডৰ ৩.১ কোটি কৰ্মচাৰী-শ্ৰমিকৰ বাবে এটা আশাৰ খবৰ দিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দীয় চৰকাৰে। শীঘ্ৰেই দেশজুৰি বলৱৎ হ’ব ৱেজ কোড। অৰ্থাৎ দেশজুৰি অসংগঠিত খণ্ডত জড়িত কৰ্মচাৰী-শ্ৰমিকৰ বাবে ন্যূনতম মজুৰি নিৰ্ধাৰণ নিৰ্ধাৰণ কৰা হ’ব। ইয়াৰ বিপৰীতে দেশত ৰাজ্যভেদে এই নিৰিখ ভিন্ন। কোনো কোনো ৰাজ্যত ্দক্ষ শ্ৰমিকৰ প্ৰতিদিনৰ মজুৰি দুশ টকাৰো কম। কেন্দ্ৰীয় চৰকাৰে এই বৈষম্য দূৰ কৰি অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিক-কৰ্মচাৰীৰ বাবে এটা ন্যূনতম নিৰিখ নিৰ্ধাৰণ কৰি তেওংলোকৰ আৰ্থিক নিৰাপত্তা অধিক সুদৃঢ় কৰাৰ যত্ন কৰিছে। ৱেজ কোডত ন্যূনতম মজুৰি নিৰ্ধাৰণৰ নিয়মাৱলী সন্নিৱষ্ট থাকিব। ইয়াৰ বাবে বিগত বর্ষত শ্রম মন্ত্রালয়ে বিশিষ্ট শ্রম অর্থনীতিবিদ তথা পৰিসংখ্যাবিদ এছ পি মুখার্জী নেতৃত্বত এখন ৯জনীয়া পেনেল গঠন কৰি দিছিল। সমিতিখনে অহা মার্চৰ ভিতৰত চৰকাৰক প্রতিবেদন দাখিল কৰিব৷ তাৰেই আধাৰত প্ৰস্তুত হ’ব ৱেজ কোড। শ্রম মন্ত্রালয়ৰ এটা শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, মার্চত দাখিল হ’বলগীয়া প্রতিবেদনৰ ভিত্তিত এপ্রিলতেই নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে সমগ্র দেশত ‘ৱেজ কোড’ বলৱৎ কৰিব৷ অৱশ্যে ন্যূনতম মজুৰি অধিনিয়ম সংশোধন কৰিহে দেশত প্রযোজ্য হ’ব একে পৰিমাণৰ ন্যূনতম মজুৰি মূল্য৷

সূত্রটোৱে প্রকাশ কৰা মতে, শ্রম মন্ত্রালয়ক মুখার্জী পেনেলে অৱগত কৰিছে যে একে পৰিমাণৰ ন্যূনতম মজুৰি মূল্য নির্ধাৰণ কৰাৰ ক্ষেত্রত তেওঁলোক দুটা পর্যায়ৰ উল্লেখ কৰিছে৷ সেয়া হ’ল– চেণ্ড্রেল স্ফেয়াৰ আৰু ৰাজ্যসমূহে গ্রহণ কৰিবলগীয়া ন্যূনতম মজুৰিৰ হাৰ৷ চেণ্ড্রেল স্ফেয়াৰৰ অর্থ হৈছে-নির্মাণকার্য, ৰাস্তা–ঘাটৰ মেৰামতি, বিমানবন্দৰৰ ৰানৱে’, চাফাই, লোডিং–আনলোডিং, সুৰক্ষা আৰু শৃংখলাবদ্ধতাৰ বাবে নিয়োজিত চকীদাৰ বা আন নিৰাপত্তা কর্মীৰ লগতে কৃষিখণ্ডৰ সৈতে জডিতসকলৰ বাবে ৰাষ্ট্রীয় পর্যায়ত নির্ধাৰণ কৰা হ’ব ন্যূনতম মজুৰি। আনহাতে, ৰাজ্য চৰকাৰসমূহে বাধ্যতামূলকভাৱে নির্ধাৰণ কৰিবলগীয়া শ্রমিক–কর্মচাৰীৰ ন্যূনতম মজুৰি৷ লক্ষণীয়ভাৱে চৰকাৰী–বেচৰকাৰী– খণ্ডৰ সকলো শ্রমিক–কর্মচাৰীৰ বাবে নির্ধাৰণ কৰা হ’ব ন্যূনতম মজুৰি মূল্য৷

উল্লেখ্য যে বিগত বর্ষত কেন্দ্রৰ লেবাৰ ব্যুৰ’ই প্রকাশ কৰা শেহতীয়া নিয়োগ সমীক্ষা অনুসৰি, দেশৰ সংগঠিত খণ্ডত প্রায় ৩.১ কোটি শ্রমিক–কর্মচাৰী আছে৷ হয়াৰ ভিতৰত প্রায় ২ কোটি শ্রমিক–কর্মচাৰী হৈছে চৰকাৰী বা চৰকাৰৰ মালিকানাধীন সংস্থাত কর্মৰত৷ পৰিতাপৰ বিষয়টো হ’ল– চৰকাৰী বিভিন্ন সংস্থাত কর্মৰত শ্রমিক–কর্মচাৰীসক্ বাবেও ৰাষ্ট্রীয় পর্যায়ত নাই কোনো নূ্যনতম মজুৰি মূল্য৷ ইপিনে সূত্রটোৱে প্রকাশ কৰা মতে, শ্রম মন্ত্রালয়ৰ পোনপটীয়া পৰামর্শমর্মে মুখার্জী কমিটীয়ে মূলতঃ তিনিটা ইডনিটৰ আধাৰত ন্যূনতম মজুৰি মূল্য শ্রমিক–কর্মচাৰীৰ নির্ধাৰণ কৰি আছে৷ ইয়াত কোৱা হৈছে ন্যূনতম মজুৰি নির্ধাৰণ কৰাৰ ক্ষেত্রত পতি–পত্নীক লৈ এটাকৈ মুঠ দুটা ইডনিট আৰু দুই সন্তানক লৈ এটা ইডনিট হিচাপে মান্যতা প্রদান কৰা হ’ব৷ অর্থাৎ মুঠ তিনিটা ইডনিটৰ আধাৰত এজন শ্রমিক–কর্মচাৰীৰ ন্যূনতম মজুৰি নির্ধাৰণ কৰা হ’ব৷ দৈনিক প্রতি ইডনিটৰ বাবে কিমান খাদ্য তথা নিত্য প্রয়োজনীয় সামগ্রীৰ প্রয়োজন হ’ব, সকলো বিষয় সামৰি নির্ধাৰণ কৰা হ’ব ন্যূনতম মজুৰি মূল্য৷ বাসোপযোগী ব্যৱস্থাপনা তথা সাজ–পোছাকৰৰ বিষয়টোও ইয়াৰ আওতাত থাকিব৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে ২০১৮ চনত গঠন কৰা অনুপ সৎপাঠী কমিটীৰ প্রতিবেদনখনো বেনার্জী পেনেলে অনুসৰণ কৰা বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷

উল্লেখ্য যে প্রতিখন ৰাজ্যৰ কর্মসংস্থাপনৰ প্রকাৰত ভেদ আছে৷ এইক্ষেত্রত সমগ্র দেশৰ ভিতৰত মিজোৰামত সর্বনিম্ন তিনিটা অনুসূচীত কর্মসংস্থাপনৰ ব্যৱস্থা আছে৷ ইয়াৰ বিপৰীতে দেশৰ ভিতৰত সর্বাধিক অসমত ১০২টা অনুসূচীত কর্মসংস্থাপন আছে৷ আনহাতে দেশৰ ভিতৰত ন্যূনতম নিৰিখত মজুৰি মূল্য প্রদান কৰা ৰাজ্যখন হৈছে নাগালেণ্ড৷ ৰাজ্যখনে অদক্ষ শ্রমিক–কর্মচাৰীৰ বাবে ধার্য কৰা দৈনিক ন্যূনতম মজুৰি হৈছে মাত্র ১১৫ টকা৷ সেইদৰে দেশৰ ভিতৰত সর্বাধিক ন্যূনতম মজুৰি প্রদান কৰা ৰাজ্যখন হৈছে দিল্লী৷ দিল্লীত এজন অদক্ষ শ্রমিকে দিনে কমেও ৫৩৮ টকা মজুৰি লাভ কৰে৷ অসমত এজন অদক্ষ শ্রমিকে এই মুহূর্তত লাভ কৰে দৈনিক ২৯৮.২১ টকা৷ ন্যূনতম মজুৰিৰ নিৰিখ প্রদানৰ ক্ষেত্রত দেশত বিৰাজমান এই বৈষম্য দূৰ কৰাৰ বাবেই মোদী চৰকাৰে ২০২১ চনত চৰকাৰী পর্যায়ত পেনেল গঠন কৰি দিছিল৷ ইয়াৰ পূর্বে ২০১৮–১৯ চনৰ অর্থনৈতিক সমীক্ষাতো দেশত ৰাষ্ট্রীয় পর্যায়ত ন্যূনতম মজুৰি মূল্য নির্ধাৰণ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰা হৈছিল৷ সামাজিক ন্যায় আৰু প্রব্রজন ৰোধৰ বাবে অর্থনৈতিক সমীক্ষাত এই পৰামর্শ প্রদান কৰা হৈছিল৷ ইয়াৰ পাছত শ্রম মন্ত্রালয়ে ২০২১ চনত প্রথমতে গঠন কৰিছিল হনষ্টিটিডট অৱ ইক’নমিক গ্রোথৰ অধ্যক্ষ অজিত মিশ্রৰ নেতৃত্বাধীন পেনেল৷ পাছত মিশ্রকে ধৰি নজনীয়া পেনেলৰ আন এজন সদস্যই পদত্যাগ কৰা হেতু এছ পি মুখার্জীৰ নেতৃত্বত পুনৰ পেনেল গঠন কৰা হয়৷ লক্ষণীয়ভাৱে ৩ বছৰৰ বাবে পেনেলখন গঠন কৰা হয় যদিও বিগত বছৰটোতে ১০খন বৈঠক অনুষ্ঠিত কৰি এতিয়া মার্চৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ সাজু হৈছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ইয়াৰ পূর্বে সৎপাঠী কমিটীয়ে ৰাষ্ট্রীয় ন্যূনতম মজুৰি দৈনিক ৩৭৫ টকা আৰু মাহেকীয়াকৈ ৯,৭৫০ টকা ধার্য কৰিছিল৷ চহৰ তথা নগৰত কর্মৰত শ্রমিক–কর্মচাৰীৰ বাবে মাহেকীয়াকৈ অতিৰিক্ত ১,৪৩০ টকাৰ আৱাস ভাট্টা প্রদানৰো পোষকতা কৰিছিল৷ কিন্তু সৎপাঠী কমিটীয়ে প্রদান কৰা প্রতিবেদনত ধার্য কৰা ইডনিটক লৈ বিভ্রান্তি সৃষ্টি হয়৷ সেয়ে মুখার্জী পেনেল গঠন কৰাৰ পূর্বে শ্রম মন্ত্রালয়ে কেইবাটাও সুনির্দিষ্ট বিষয় সামৰি ল’বলৈ পৰামর্শ প্রদান দিছিল৷ সূত্রটোৱে প্রকাশ কৰা মতে, শ্রম মন্ত্রালয়ৰ সৈতে সম্পর্ক স্থাপন কৰিহে মুখার্জী পেনেলে এহবাৰৰ ন্যূনতম মজুৰি মূল্য নির্ধাৰণ কৰাত ব্রতী হৈছে৷ সেয়েহে মার্চত প্রতিবেদন দাখিল কৰাৰ এমাহৰ ভিতৰতে মোদী চৰকাৰে ন্যূনতম মজুৰি অধিনিয়মৰ সংশোধন কৰি সমগ্র দেশতে বলৱৎ হোৱাকৈ একে পৰিমাণৰ অর্থাৎ ৰাষ্ট্রীয় পর্যায়ত ন্যূনতম মজুৰি মূল্য নির্ধাৰণ কৰাৰ স্থিৰ সিদ্ধান্তত ডপনীত হৈছে৷ লক্ষণীয়ভাৱে দেশ–বিদেশৰ অর্থনীতিবিদৰ গৱেষণাত দেখা গৈছে যে ৰাষ্ট্রীয় পর্যায়ত ন্যূনতম মজুৰি মূল্য থাকিলে সংশ্লিষ্ট দেশৰ মধ্যবিত্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে দেশৰ দৰিদ্রতাৰ হাৰো বহুলাংশে হ্রাস পায়৷ সেয়েহে ভাৰততো ৰাষ্ট্রীয় পর্যায়ত ন্যূনতম মজুৰি মূল্য নির্ধাৰিত হ’লে দেশৰ দৰিদ্রতাৰ হাৰ হ্রাস পোৱাৰ লগতে মধ্যবিত্তৰ সংখ্যাও ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ সেইদৰে ৰাজ্যভেদে ন্যূনতম মজুৰি মূল্যৰ নিৰিখত থকা বৈষম্যও দূৰ হ’ব৷ উল্লেখ্য যে ন্যূনতম মজুৰি মূল্য নির্ধাৰণৰ ক্ষেত্রত দক্ষ, অদক্ষ সকলো শ্রেণীৰ শ্রমিক–কর্মচাৰীক সামৰি লোৱা হ’ব৷