এবছৰলৈ মন্ত্ৰীসভা সম্প্ৰসাৰণ নকৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই





উপ-নিৰ্বাচনত চমকপ্ৰদ সাফল্যৰ লগতে বিধানসভালৈ শাসকীয় মিত্ৰজোঁটৰ কেইবাজনো আগমন ঘটিলেও এবছৰলৈ সম্প্ৰসাৰণ নহয় অসম মন্ত্ৰীসভাৰ। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিয়ে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এবছৰলৈ সম্প্ৰসাৰিত নহয় মন্ত্ৰীসভা। বৰ্তমানৰ দায়িত্ব লাভ কৰা মন্ত্ৰীয়ে পালন কৰক কৰ্তব্য।



তেওঁ নিগম-নিকায়ত শেহতীয়াকৈ হোৱা অধ্যক্ষ নিযুক্তি সন্দৰ্ভতো মন্তব্য দাঙি ধৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘‘নিগম–নিকায়তো ব্যাপক সালসলনি কৰা হৈছে। বহুজনক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে। নতুন দায়িত্ব লাভ কৰা বিষয়ববীয়াই নিয়াৰিকৈ দায়িত্ব পালন কৰক। লাভৰ মুখ দেখিব লাগিব নিগম–নিকায়ে। পূৰ্বৰ দৰে লোকচানত চলিলে নহব।’’

5 views0 comments