এম জি এনৰেগাৰ পুঁজিসংকট : ৰাজ্যৰ লাখ লাখ গ্ৰাম্য শ্ৰমিকে ভুগিছে কামৰ অনিশ্চয়তাত





কেন্দ্ৰীয় চৰকাৰৰ পৰা আৱন্টিত 'মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন' (এম জি এনৰেগা) আঁচনিৰ অধীনত খৰছ হবলগীয়া পুঁজিৰ পৰিমাণ এইবছৰ ৩৪% কমাই দিয়াৰ ফলত দেশত লাখ লাখ শ্ৰমিক কৰ্মসংকটত পৰিছে । এই হ্রাসৰ ফলত ২০২১-২২ বিত্তীয় বৰ্ষৰ মাজভাগতে এই পুঁজিৰ অধিকাংশ (প্ৰায় ৯০ শতাংশ) ইতিমধ্যেই খৰছ হৈ যোৱা বাবে বাকী থকা মাহকেইটাত শ্ৰমিকসকলে কাম পোৱাটো প্ৰায় অসম্ভৱ বুলিব পাৰি । ২১ খন ৰাজ্যত ইতিমধ্যেই ১০০% পুঁজি খৰছ হৈ গৈছে । এতিয়া কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ৰাজ্যবোৰক নিজৰ পুঁজিৰে কাম চলাই থাকিবলৈ দিছে আৰু পাছত ধন ঘূৰাই দিয়া হব বুলি প্ৰতিশ্ৰুতি দিছে যদিও ৰাজ্য চৰকাৰবোৰ আৰু অসমৰ শ্ৰমিক সংগঠনবোৰ এই ক্ষেত্ৰত আশ্বস্ত হব পৰা নাই । চলিত বিত্তীয় বৰ্ষটোত উক্ত আঁচনিৰ অধীনত অসমৰ বাবে কেন্দ্ৰই মোকলাই দিয়া ১,২৭৬.৯১ কোটি টকাৰ ১ নৱেম্বৰ পৰ্যন্ত ১,২৬৮.২১ কোটি টকা ইতিমধ্যে খৰছ হৈছে । গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ তথ্যমতে অসমত চলিত বিত্তীয় বৰ্ষত ৬১.৪১ লাখ পৰিয়াল তথা ১.০৬ কোটি লোকে এম জি এনৰেগা কাৰ্ডৰ বাবে নাম পঞ্জীয়ন কৰিছিল । তাৰ ৫৪.৬৮ লাখ পৰিয়ালক জবকাৰ্ড দিয়া হয় আৰু কাম বিচৰাসকলৰ ভিতৰত মাত্ৰ ৬,৭০৪ টা পৰিয়ালকহে এশ দিনৰ কাম দিয়া হৈছে । উল্লেখ্য যে ৰাজ্যখনত ইতিমধ্যে পুঁজিৰ প্ৰায় ৯০% ধন ব্যয় কৰা হৈছে কিন্তু আৰম্ভ কৰা কামৰ মাত্ৰ ১.১৫ শতাংশহে সম্পূৰ্ণ হৈছে । অসমৰ বিভিন্ন শ্ৰমিক সংগঠনবোৰে এই ধনৰ খৰছক সমালোচনা কৰি কৈছে যে চৰকাৰে এই আঁচনিৰ ধন বেলেগ শিতানবোৰত খৰছ কৰিছে ।

2 views0 comments