কষ্টোপাৰ্জিত ধনেৰে গঢ়ি তুলিছিল বিদ্যালয় : কৰ্ণাটকৰ ফলমূল বিক্রেতাক প্ৰদান কৰা হ'ল পদ্মশ্ৰী সন্মান





কৰ্ণাটকৰ মাংগালোৰ নিবাসী ৬৮ বছৰীয়া হৰেকালা হাজাব্বাক চলিত বৰ্ষটোত দেশৰ চতুৰ্থ শ্ৰেষ্ঠ নাগৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয় । পেছাত এজন ফলমূল বিক্রেতা হাজাব্বাৰ পদ্মশ্ৰী লাভৰ আঁৰৰ কাহিনী সঁচাকৈয়ে প্ৰেৰণাদায়ক । নিজে বঞ্চিত হোৱা শিক্ষাৰ অধিকাৰৰ পৰা উঠি অহা প্ৰজন্মটোক বঞ্চিত হবলৈ নিদিলে তেওঁ । গোটেই জীৱন ধৰি ফলমূল বেচি উপাৰ্জন কৰা টকাকেইটাৰে ২০০০ চনত এক একৰ মাটিত এখন বিদ্যালয় খুলি তেওঁৰ বিদ্যালয়বিহীন গাঁও নিউপাডাপুলৈ লৈ আহিল শিক্ষাৰ পোহৰ । হাজাব্বাই কোৱামতে বহু বছৰ আগতে এজন বিদেশী লোকে তেওঁক ইংৰাজীতে এটা কমলাৰ দাম কিমান হব বুলি সুধিছিল, কিন্তু ইংৰাজী ভাষা বুজি নোপোৱা বাবে হাজাব্বাই একো এটা উত্তৰ দিব পৰা নাছিল । কোনো আনুষ্ঠানিক শিক্ষা লাভ নকৰা বাবে হাজাব্বাই সেইদিনা লজ্জাবোধ কৰিছিল আৰু তাৰ পিছতেই তেওঁ এখন বিদ্যালয় নিৰ্মাণ কৰাৰ শপত খাইছিল । দৈনিক ১৫০ টকাকৈ উপাৰ্জন কৰা হাজাব্বাৰ পইচাৰে খোলা বিদ্যালয়খনত আজি দশম শ্ৰেণীলৈকে শিক্ষালাভৰ সুবিধা আছে আৰু সম্প্ৰতি বিদ্যালয়খনত ১৭৫ জন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে । হাজাব্বাৰ এই মহৎ সামাজিক কাৰ্যৰ বাবে তেওঁলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয় । ৮ নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে তেওঁক এই সন্মান প্ৰদান কৰে । উল্লেখযোগ্য যে হাজাব্বাৰ উপৰিও ২০২১ বৰ্ষটোত অন্য ১০১ জন লোকক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয় । তদুপৰি দেশৰ অন্য শ্ৰেষ্ঠ নাগৰিক সন্মান পদ্মবিভূষণ আগবঢ়োৱা হয় ৭ জন লোকক আৰু ১০ জন লোকক পদ্মভূষণ বঁটা আগবঢ়োৱা হয় ।

5 views0 comments