কৰোনা আপডেট : ভাৰতত ১.৬৮ কৰোনা পজিটিভ, অসমত ২ হাজাৰ অতিক্ৰম




দেশত এতিয়া কৰোনাৰ তৃতীয় লহৰ। প্ৰতিদিনে লাখৰ ওপৰত লোক ভাইৰাছটোৰ বিভিন্ন প্ৰজাতিৰ দ্বাৰা আক্ৰান্ত হৈছে। বিগত ২৪ ঘন্টাত দেশখনত ১ লাখ ৬৮ হাজাৰ ৬৩জন কৰোনা পজিটিভ পোৱা গৈছে। উদ্বেগজনক কথাটো এই সময়ছোৱাত দেশত কৰোনাৰ পজিটিভিটীৰ হাৰ আছিল ৬.৫ শতাংশ। আগৰ দুদিনমানৰ তুলনাত ই কিছু হ্রাস পাইছে।


স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রালয়ৰ

তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১ লাখ ৬৮ হাজাৰ ৬৩জন। সংখ্যাটো যোগ হৈ দেশত বর্তমান মুঠ সংক্রমিতৰ সংখ্যা বৃদ্ধি পালে ৩ কোটি ৫৮ লাখ ৭৫ হাজাৰ ৭৯০। পটিজিভিটী রেট ১০.৬৪ শতাংশ। সংক্ৰমণৰ ক্ষেত্ৰত দেশখনৰ বাবে সবাতকৈ চিন্তাৰ কাৰণ হৈ পৰিছে পাঁচখন বিশেষ ৰাজ্য। মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ৩৩ হাজাৰ ৪৭০জন। তালিকাত দ্বিতীয় স্থানত থকা পশ্চিমবংগত সময়ছোৱাত নতুনকৈ আক্ৰান্ত হৈছে ১৯,২৮৬জন। দিল্লীত বিগত ২৪ ঘণ্টাত সংক্রমিত হৈছে ১৯,১৬৬জন। তামিলনাড়ু আৰু কর্ণাটকত সংক্রমিতৰ সংখ্যা ক্রমে ১৩,৯৯০ আৰু ১১,৬৯৮জন।


ইফালে, বিগত ২৪ ঘণ্টাত ভাৰতত কৰোনাত প্রাণ হেৰুৱাইছে ২৭৭জনে। ইয়াকে লৈ এতিয়ালৈকে দেশখনত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা হয় ৪ লাখ ৮৪ হাজাৰ ২১৩জন। ইপিনে, স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি, বর্তমানে দেশত কৰোনাত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৮ লাখ ২১ হাজাৰ ৪৪৬জন। কোৰোনামুক্ত হৈছে ৩ কোটি ৪৫ লাখ ৭০ হাজাৰ ১৩১জন। করোনা থেকে মুক্ত হয়েছেন। বিগত ২৪ ঘণ্টাত দেশখনত কৰোনামুক্ত হৈছে ৬৯ হাজাৰস৯৫৯জন।


ইফালে কৰোনা সংক্রমণৰ বিৰুদ্ধে ৩ জানুৱাৰীৰ পৰা দেশজুৰি ১৫-১৮ বছর বয়সীয়াৰ টিকাকৰণ। ১০ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ষাঠি বছৰ বয়সোর্ধ্ব আৰু ফ্রন্টলাইন কৰোনা যোদ্ধাৰ সুৰক্ষাসূচক ভেকচিন অৰ্থাৎ বুষ্টাৰ ড'জ প্ৰদান অভিযান। মন্ত্রালয়ৰ তথ্য অনুসৰি, এতিয়ালৈকে দেশত ১৫২ কোটিৰো অধিক পালি টিকা দিয়া হৈছে। সোমবাৰে ৯২ লাখক টিকা দিয়া হয়। টিকাকৰণৰ সমান্তৰালকৈ জোৰ দিয়া হৈছে পৰীক্ষাত। কালি ১৫ লক্ষাধিকৰ নমুনা পৰাক্ষা হৈছে।


দোশৰ সমান্তৰালকৈ অসমতো ককোনাৰ সংক্ৰমণৰ নতুন গতিয়ে জনস্বাস্থ্যৰ সংশয় বৃদ্ধি কৰিছে। প্ৰতিদিনে বাঢ়িছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। সোমবাৰে ২,১৯৮জন সোক পজিটিভ হয়। ইয়াৰে অকল গুৱাহাটীত পজিটিভ হৈছে ৭৬০জন।

দিনটোত সৰ্বমুঠ ৪৮,৯৬৪জনক পৰীক্ষা কৰা হৈছিল। ইয়াৰে ভিতৰত ২১৯৮ জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছ। সেইদৰে সোমবাৰে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাবটে ২জন লোকে।

3 views0 comments