কৰোনা আপডেট : শনিবাৰে ভাৰতত ২৬০ দিনৰ নিম্নলৈ নামিল সংক্ৰমণৰ সংখ্যা




শনিবাৰে দেশত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বিগত ২৬০ দিনৰ সৰ্বনিম্ন। দেওবাৰে স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি, দেওবাৰে দেশখনত ১০ হাজাৰ ৮৫৩জন লোক কৰোনা পজিটিভ হয়। এই সংখ্যা বিগত ২৬০ দিনত সৰ্বনিম্ন। আনহাতে, এই সময়ছোৱাত ৫২৬জন লোকৰ মৃত্যু হয়।



আনহাতে, ভাৰতবৰ্ষত কৰোনাত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যাও হ্ৰাস পাইছে। বৰ্তমান দেশত আক্ৰান্ত হৈ থকা কৰোনা ৰোগীৰ সংখ্যা ১,৪৪,৮৪৫জন।

4 views0 comments