কৰোনাৰ সংক্ৰমণ : কি কি কৰিলে, ক’লৈ ক’লৈ নগ’লে সংক্ৰমণৰ শংকা হ্ৰাস পায়



নৱবৰ্ষৰ হাতত ধৰি ভাৰতলৈ আহিল কৰোনাৰ তৃতীয়টো লহৰ। বিগত পাঁচ দিনত প্ৰতিদিনে দেশখনত ডেৰ লক্ষাধিক লোক ভাইৰাছটোত আক্ৰান্ত হৈছে। অসমতো সংক্ৰমিত লোকৰ সংখ্যা আৰু পজিটিভিটীৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এই প্ৰেক্ষাপটত কৰোনাৰ অধিক সংক্ৰমণ ৰোধৰ বাবে জনসাধাৰণ অধিক সচেতন হোৱাৰ প্ৰয়োজন হৈ পৰিছে। এইক্ষেত্ৰত অধ্যয়নৰ জৰিয়তে কৰোনাৰ অধিক সংক্ৰমণ ঘটা ক্ষেত্ৰসমূহ বিচাৰি উলিওৱাৰ চেষ্টা চলিছে। তেনে এটা অধ্যয়নত কোন কোন ক্ষেত্ৰ অথবা কামৰ পৰা বিৰত থাকিলে কৰোনাৰ সংক্ৰমণৰ পৰা নিজকে যথেষ্ট পৰিমাণে সুৰক্ষিত হৈ থাকিব পাৰি, তাৰ সন্ধান কৰা হৈছে।

সমীক্ষা অনুসৰি, কৰোনাৰ সংক্ৰমণ ঘটাৰ কেইটামান অন্যতম কাৰণ হৈছে- বজাৰ-সমাৰ কৰাৰ বাবে ঘৰৰ পৰা বাহিৰলৈ যোৱা, কামৰ বাবে ঘৰৰ বাহিৰ হোৱা, ৰাজহুৱা পৰিবহণ সেৱাৰ ব্যৱহাৰ, হোটেল-ৰেষ্টুৰেণ্টত আদিত খোৱা। লক্ষণীয়ভাৱে চিনেমগৃহ, চেলুন, পাৰ্লাৰ আদিৰ পৰা সদ্যহতে কৰোনা সংক্ৰমণৰ বিপদ সদ্যহতে পৰিলক্ষিত হোৱা নাই।

সমীক্ষা অনুসৰি, পৰিয়ালৰ সদস্যৰ বাহিৰে আন কোনোৱে ব্যৱহাৰ কৰা গাড়ীত নুঠা বা ব্যৱহাৰ নকৰাটোত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। কোনো হোটেল বা ৰেষ্টুৰেণ্টত বহি খোৱা, ইনডোৰ বা আউটডোৰ পাৰ্টীৰ পৰা বিৰত থাকিবলৈও পৰামৰ্শ দিয়া হৈছে। এইবোৰৰ পৰা কৰোনাৰ সংক্ৰমণ অধিক হাৰত হোৱা দেখা গৈছে।

অধ্যয়নত লগতে পোৱা গৈছে যে সপ্তাহত দুবাৰ শ্বপিং মল বা পথৰ দাঁতিৰ বজাৰৰ পৰা বজাৰ-সমাৰ কৰিলে কৰোনাৰ ফান্দত পৰা সম্ভাৱনা আন ক্ষেত্ৰৰ তুলনাত অধিক। ইয়াত কোৱা হৈছে যে কঠোৰ প্ৰতিবন্ধকতাৰ সময়ত কোনো ধৰণৰ কৰোনাবিধি অনুসৰণ নকৰা লোকে শ্বপিং কৰি ঘৰৰ বাহিৰত হোৱা কৰোনাৰ সংক্ৰমণক গতি দিয়ে। ৰাজহুৱা পৰিবহণ যেনে চিটী বাছ, যাত্ৰীবাহী বাছ, বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা পাৰিচালিত পৰিবহণ সেৱাৰ ব্যৱহাৰ আদিয়ে সংক্ৰমণ বৃদ্ধিত ইন্ধন যোগায়। তদুপৰি, ৰাজহুৱা আয়োজনৰ ইনডোৰ আৰু আউটডোৰ ক্ৰীড়াত ভাগ ল’লে কৰোনাক নিজৰ দেহলৈ আমন্ত্ৰণ জনোৱাৰ দৰে হয়। বিশেষজ্ঞৰ মতে, সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখাৰ বহু উপায় আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে, অনেক লোক সমৱেত হোৱা স্থানত মাস্ক পিন্ধিব লাগে। পৰস্পৰৰ মাজত নিৰাপদ দূৰত্ব বজাই ৰাখিব লাগে। লগতে হাতধোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজীজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনচনৰ মতে, কৰোনাৰ সংক্ৰমণৰ শংকাক সীমিত কৰাত সবাতকৈ ভাল উপায় হৈছে শাৰিৰীক দূৰত্বৰ নিয়মক আগ্ৰহেৰে মানি চলা। কাৰ্যালয়-প্ৰতিষ্ঠান আদিৰ বন্ধৰ দিনত দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰা অভ্যাসটো পৰিহাৰ কৰিব লাগে। তদুপৰি, ছুপাৰ মাৰ্কেটৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠান যথাসম্ভৱ এৰাই চলিব লাগে। তদুপৰি, দোকান-পোহাৰত যিমান পাৰি সিমান কম সময় অতিবাহিত কৰিব লাগে। অনাহকত ইটো-সিটো সামগ্ৰী লিৰিকি বিদাৰি চাই সময় অপব্যয় কৰাটো নিজৰ সুৰক্ষাৰ বাবে কুশলদায়ক নহয়। (এই লেখাটোৰ উদ্দেশ জনসাধাৰণ সচেতন কৰা। কোনাৰ ক্ষেত্ৰত চৰকাৰে নিৰ্ধাৰণ কৰা নীতি-নিয়মক অৱহেলা নকৰিব। সুৰক্ষাৰ বাবে সেয়া অতি জৰুৰী)

2 views0 comments